গুৰু-গোঁসাই নমনা এগৰাকী পঞ্চায়ত সভানেত্ৰী
দেমকেয়াৰ পঞ্চায়ত সভানেত্ৰী, নামানে গুৰুগোসাই ৷ বাঘবৰৰ বাঘমাৰাত সভানেত্রীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ।
নিজ ঘৰতেই খুলি লৈছে পঞ্চায়ত কাৰ্যালয় ৷ টকা নহ’লে নচলে একো কাম ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামতো ধনৰ লেনদেনৰ অভিযোগ ৷
যি সময়ত চৰকাৰে পঞ্চায়ত পৰ্যায়ৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এনেদৰে প্ৰতিদিনে তলা ওলমি থাকে এইটো পঞ্চায়তত৷ এই অভিযোগ স্থানীয় ভুক্তভোগী ৰাইজৰ৷ অৱশ্যে পঞ্চায়তটোৰ সভানেত্ৰী আকলিমা খাতুন বাইদেৱে ধনৰ লেনদেন কৰি পঞ্চায়তৰ সকলো কাম-কাজ ঘৰতে কৰাৰো অভিযোগ উত্থাপন হৈছে৷
ইপিনে পঞ্চায়ত সভানেত্ৰী আকলিমা(photo given) খাতুনে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰৰ নামত কৰা দলিল(চুক্তি)ৰ বাবদ ৫০০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছ স্থানীয় বাসিন্দাৰ লগতে #নিজ দলৰেই আঞ্চলিক সদস্যাই ৷
প্ৰশ্ন হয়, চৰকাৰৰ নিষেধাজ্ঞাক বুঢ়াআঙুলি দেখুৱাই কাৰ ছত্ৰ-ছায়াত সভানেত্ৰী আকলিমা খাতুনে এনেদৰে প্ৰশ্ৰয় দিছে দুৰ্নীতিক ?