Local, Vocal, Global

অন্ধকাৰৰ সুযোগ লৈ এম্বুলেন্সে পেলায় থৈ গ’ল অচিনাক্ত মৃতদেহ

0 9

টিলাপাৰাত চাঞ্চ্যলকৰ ঘটনা। এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ শালকোচা উপ আৰক্ষী চকীৰ অন্তৰ্গত টিলাপাৰা দুধনাথত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।
এটি অচিনাক্ত মৃতদেহ উদ্ধাৰকলৈ গাঁৱখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজৰ অভিযোগ মতে বুধবাৰে সন্ধিয়া এখন এম্বুলেন্সৰে মৃত দেহটো আনি গাঁৱখনৰ ব্ৰহ্মপুত্ৰৰ কাষত থৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই।

হঠাৎ মৃতদেহটো দেখি হতভম্ভ হৈ পৰে গাঁৱখনৰ লোকে। মৃতদেহটোৰ লগত পোৱা দুজন সন্দেহজনক অচিনাক্ত ব্যক্তিক ৰাইজে আটক কৰে। ঘটনা সংক্ৰান্তত গাঁওৰ ৰাইজে শালকোচা আৰক্ষী চকীত খবৰ দিয়ে।

পিছত ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ নিয়ে। স্থানীয় ৰাইজৰ সন্দেহ, কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়াৰ চেষ্টা কৰিছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত সন্দেহজন ব্যক্তি দুজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে শালকোচা আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.