Local, Vocal, Global

দুৰ্গা পূজাক লৈ চৰকাৰৰ নতুন SOP

# সংবাদ মেল যোগে জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
# বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা আৰু দীপাৱলীক লৈ নতুন নিয়ম
# পূজা কমিটীয়ে উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব
# কমিটীৰ বিষয়বীয়াই ভেকচিন লোৱাৰ চাৰ্টিফিকেট দিব লাগিব
# দুয়োপালি ভেকচিন লোৱা সকলক অগ্ৰাধিকাৰ দিব
# দুয়োপালি ভেকচিন সময়ৰ ভিতৰত লোৱাটো বাধ্যতামূলক
# পূজাৰ মণ্ডপ আহল বহল পৰিৱেশত হ’ব লাগিব
# যাতে সামাজিক দুৰত্ব বজাই ৰাখিহে পূজা পালন কৰিব লাগিব
# প্ৰৱেশ আৰু প্ৰস্থান পৃথক হ’ব লাগিব
# ওলাওতে সোমাওতে ভক্ত আৰু দৰ্শনাৰ্থী মুখামুখি হ’ব নোৱাৰিব
# সন্দেহ হ’লেই টেষ্টিং কৰাৰ ব্যৱস্থা থাকিব লাগিব
# স্বেচ্ছাসেৱক সকলেও ভেকচিন ল’ব লাগিব
# দুৰ্গা পূজাৰ পূজাৰীয়ে ভেকচিন ল’ব লাগিব
# দৰ্শনাৰ্থীয়েও ভেকচিন ল’ব লাগিব
# মাস্ক পিন্ধা ব্যক্তিয়েহে পূজা চাব লাগিব
# মাস্ক যোগান ধৰাৰ ব্যৱস্থাও কৰিব লাগিব পূজা কমিটীয়ে
# ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীক ৰেহাই
# পূজাৰ পঞ্চমীৰ দিনা পূজাৰী আৰু বিষয়ববীয়াৰ ক’ভিড টেষ্ট হ’ব
# দশমীৰ পিছদিনা ও একেদৰে পৰীক্ষা কৰিব লাগিব
# অঞ্জলি প্ৰদান আৰু আৰতিৰ ক্ষেত্ৰত ক’ভিড নিয়ম মানিব লাগিব
# পূজা মণ্ডপৰ ভিতৰত বেৰিয়াৰ সাজি দিব লাগিব
# দৰ্শন কৰিয়েই মণ্ডপৰ পৰা ওলাই আহিব লাগিব
# পূজা মণ্ডপত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব
# পূজাৰ প্ৰতিমা বৃহৎ আকাৰৰ নকৰিবলৈ আহ্বান যাতে প্ৰতিমা বিসৰ্জনৰ বাবে অধিক লোকৰ প্ৰয়োজন নহয়
#পূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল
# দোকান পোহাৰৰ ব্যৱস্থা থাকিব নোৱাৰিব পূজাথলীত
# নিশা ৯ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডপ