Local, Vocal, Global

কৰ’নাৰ গ্ৰাসত পাকিস্তানী ক্ৰিকেটাৰ

প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰদীৰ পিছত পুনৰ কৰ’নাত আক্ৰান্ত পাকিস্তান ক্ৰিকেট দলৰ  ১০গৰাকী সদস্য। সোমবাৰে ৩গৰাকী ক্ৰিকেটাৰৰ দেহত কভিড-১৯ৰ অৱস্থিতি পোৱাৰ পিছত মঙলবাৰে আক্ৰান্ত হয় আন ৭গৰাকী ক্ৰিকেটাৰ।  ফখৰ জামান, ইমৰান খান, কাছিফ ভট্টী, মহম্মদ হাফিজ, মহম্মদ হাছনেন, মহম্মদ ৰিজৱান আৰু ৱাহাব ৰিয়াজ আক্ৰান্ত হৈছে কৰ’নাত। সোমবাৰে  হাৰিজ ৰৌফ, শ্বাদাব খান , হায়দাৰ আলীৰ দেহত পোৱা গৈছিল কভিড-১৯ পজিটিভ। উল্লেখযোগ্য যে ২৮ জুনত ইংলেণ্ডলৈ ৰাওনা হোৱাৰ কথা আছিল পাকিস্তানী ক্ৰিকেট দলটো।

এতিয়া প্ৰশ্ন হৈছে পাকিস্তানী ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়। কিন্তু  পিচিবিৰ চিইঅ’ ৱাছিম খানে এইটো স্পষ্ট কৰি দিছে যে পাকিস্তানৰ যিমানেই খেলুৱৈ কৰ’না পজিটিভ নহওক কিয়, দল ইংলেণ্ড ভ্ৰমণলৈ যাব। ৱাছিম খানে কয়, ‘পাকিস্তান দলৰ ইংলেণ্ড ভ্ৰমণ অব্যাহত থাকিব। ২৮ জুনত দলটো ইংলেণ্ডলৈ ৰাওনা হ’ব।’