Local, Vocal, Global

কয়দীৰ কলমত ”মই কৰোনাই কৈছো”

মনত প্ৰৱল ইচ্ছাশক্তিৰ লগতে সাধনাৰ এক মন থাকিলে যে যিকোনো পৰিৱেশৰ মাজতে সকলো কামতে সফল হ’ব পাৰি তাৰে এক জ্বলন্ত উদাহৰণ হৈছে বাইহাটাৰ নিকটৱৰ্তী পাছপৰা গাওঁৰ প্ৰদীপ কাকতি । এক হত্যাৰ গোচৰত অভিযুক্ত হৈ সুদীৰ্ঘ ১৪বছৰ কাৰাদণ্ডৰে দণ্ডিত হৈ আছে লোকজনে। নিজৰ কৰ্মৰ বাবে অনুতপ্ত , কিন্তু সকলো পাহৰি  জে’লৰ বন্ধ কুঠৰীৰ মাজতে তেওঁ কৰি আহিছে কাব্যচর্চা। আজিলৈকে জে’লৰ ভিতৰতে বহুকেইখন কাব্যপুথিৰ লগতে প্ৰবন্ধ লিখি উলিয়াইছে প্ৰদীপ কাকতিয়ে। সাম্প্ৰতিক সময়ত কৰ’না মহামাৰীৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে  ”মই কৰোনাই কৈছো” নামৰ এক কবিতা পুথি ৰচনা কৰি উলিয়ায় ।কমলপুৰ অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা উক্ত কবিতা পুথিখন।