Local, Vocal, Global

অসম পৰ্যন্ত ধ্বংস কৰাৰ ভাবুকি পাকিস্তানৰ

পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদৰ এক বিস্ফোৰক সাক্ষাত্‍কাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত। পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাত্‍কাৰত পাকিস্তানৰ ৰে’ল মন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ সৈতে নহয় এতিয়া পৰম্পৰাগত যুদ্ধ, এইবাৰ একেবাৰে হ’ব পাৰমাণিৱক আক্ৰমণ।

ভাৰতবৰ্ষ উৰুৱাই দিয়াৰ ভাবুকি পাকিস্তানৰ ৰে’ল মন্ত্ৰীৰ। পাকিস্তানৰ ছামা টিভিৰ সৈতে এক সাক্ষাত্‍কাৰত ৰে’ল মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে কয় যে ‘পাকিস্তানৰ হাতত অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ অস্ত্ৰ আছে আৰু ইয়াৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ ভাৰতবৰ্ষক ধ্বংস কৰিব পাৰিব।’ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাকিস্তানে নিৰ্মাণ কৰিছে স্মাৰ্ট পাৰমাণিৱক বোমা আৰু এইবাৰ ভাৰতে পাকিস্তানক আক্ৰমণ কৰিলে ভাৰতবৰ্ষক একেবাৰে শেষ কৰিব পৰা সামৰ্থ্য আছে।