Local, Vocal, Global

যুৱতীক দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা বচাই আঘাতপ্ৰাপ্ত সাংবাদিক আফনুৰ আলী

 

ৰাজ্যৰ এটা ছেটেলাইট চেনেল ডিৱাই৩৬৫ৰ সাংবাদিক আফনুৰ আলী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ আছে GMCHত। এগৰাকী যুৱতীক এজন যুৱকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গৈ আক্ৰান্ত হ’ল সাংবাদিক আফনুৰ। মাত্ৰ এপষেক পূৰ্ৱে বিবাহ পাশত আৱদ্ধ হোৱা আফনুৰে সোমবাৰে সন্ধিয়া নৱ পৰিণীতা পত্নীক তেওঁৰ কৰ্মস্থলী জিএমচিএইচৰ পৰা আনিবলৈ গৈছিল। তেনেতে জিএমচিএইচৰ সমীপতে আফনুৰে দেখে যে এজন যুৱকে এগৰাকী যুৱতী নাৰ্ছক এখন দাৰে আক্ৰমণ কৰিছে। যুৱকজনৰ দাৰ ঘাপৰ পৰা বচাবলৈ চিঞৰ-বাখৰ কৰা যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি যায় আফনুৰ আলী। লগে লগে আফনুৰকো দাৰে ঘপিয়ায় উন্মাদপ্ৰায় যুৱকজনে। আফনুৰৰ লগতে গুৰুতৰভাৱে আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় জিএমচিএইচত। সাংবাদিক আফনুৰৰ গালত ৩৪টাকৈ চিলাই পৰিছে। পৰৱৰ্তী সময়ত আক্ৰমণকাৰী পংকজ বৈশ্য নামৰ জেএমচিএইচৰ কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এগৰাকী অচিনাকি অসহায় যুৱতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা সাংবাদিক আফনুৰ আলীৰ সাহসিকতাক সকলোৱে প্ৰশংসা কৰিছে। আনহাতে সাংবাদিক আফনুৰ আলীৰ আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে গুৱাহাটী প্ৰেছ ক্লাবে।