Local, Vocal, Global

Opposition Unity Meeting : বেংগালুৰুত বিৰোধী ঐক্য বৈঠকত অংশগ্ৰহণ কৰিব ২৪ টা দলে, অংশগ্ৰহণ কৰিব ৮টা নতুন দল

নেশ্যনেল ডেস্ক, ১২ জুলাই : বিৰোধী ঐক্যৰ দ্বিতীয়খন বৈঠক কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অনুষ্ঠিত হ’বলৈ গৈ আছে । প্ৰথমখন বৈঠক বিহাৰৰ ৰাজধানী পাটনাত অনুষ্ঠিত হৈছিল(Opposition Unity Meeting) । এইবাৰ ১৭-১৮ জুলাইত বেংগালুৰুত কংগ্ৰেছে এই বৈঠকৰ আহ্বান কৰিছে । বৈঠকত কমেও ২৪ টা ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব ।

সূত্ৰ অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট দাখিল কৰিবলৈ বিৰোধী দলসমূহে কৰা প্ৰচেষ্টাক ৮টা নতুন দলে সমৰ্থন আগবঢ়াইছে।

সূত্ৰৰ অনুসৰি যোৱা মাহত বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা বিৰোধীৰ মেগা বৈঠকৰ পিছত কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বৈঠকত ২৪টা ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিব । তেওঁলোক ক্ৰমে মাৰুমালাৰ্চি দ্ৰাবিদা মুনেত্ৰ কাঝাগম (MDMK), কংগু ডেছা মক্কল কট্চি (KDMK), বিদুথলাই চিৰুথাইগল কট্চি (VCK) , ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টি (RSP), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (IUML), কেৰালা কংগ্ৰেছ (Joseph), আৰু কেৰেলা কংগ্ৰেছ (Mani)ও এই বৈঠকত যোগদান কৰিবলগীয়া নতুন ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্যতম।
লগতে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়েও বিৰোধী দলসমূহৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কেডিএমকে আৰু এমডিএমকে পূৰ্বে বিজেপিৰ মিত্ৰ আছিল । ইফালে কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেও পৰৱৰ্তী ঐক্য বৈঠকত অংশগ্ৰহণৰ বাবে বিৰোধী দলৰ শীৰ্ষ নেতাসকলক আমন্ত্ৰণ জনাইছে ।

কংগ্ৰেছৰ সভাপতিয়ে বিৰোধী দলৰ শীৰ্ষ নেতাসকলক উদ্দেশ্যি পত্ৰযোগে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আহ্বান জনোৱা ২৩ জুনত পাটনাত অনুষ্ঠিত বিৰোধী বৈঠকত অংশগ্ৰহণৰ কথা সোঁৱৰাই দিয়ে। আমাৰ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সৰ্বসন্মতিক্ৰমে সহমতত উপনীত হোৱাৰ বাবে এই বৈঠকখন যথেষ্ট সফলতা লাভ কৰিছিল বুলি খৰ্গেয়ে আমন্ত্ৰণ পত্ৰত কয়।

দলৰ নেতাসকললৈ লিখা এখন পত্ৰত মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁলোকক পাটনাত অনুষ্ঠিত বৈঠকৰ বিষয়ে সোঁৱৰাই দিয়ে । তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছে । তাৰ বাবে বিৰোধী নেতাসকলে জুলাইত এবাৰ লগ হ’বলৈ সন্মত হৈছে । এনেদৰেই বিৰোধী ঐক্যই ঐক্যবদ্ধভাৱে আলোচনা অব্যাহত ৰাখিব লাগে ।

পত্ৰখনত খাৰ্গেয়ে লগতে কয় যে, “মই বিশ্বাস কৰোঁ যে এই আলোচনাসমূহ অব্যাহত ৰখা আৰু আমি সৃষ্টি কৰা গতিবেগক গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ । আমাৰ দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰিবলৈ আমি একেলগে কাম কৰাটো প্ৰয়োজন। লগতে তেওঁ উল্লেখ কৰে যে “মই আপোনালোকক অনুৰোধ জনাইছোঁ যে ১৭ জুলাইৰ সন্ধিয়া ৬.০০ বজাত বেংগালুৰুত ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত সভাত উপস্থিত থাকিবলৈ চেষ্টা কৰক । এই সভাখন পৰৱৰ্তী দিন অৰ্থাৎ ১৮ জুলাই পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ হ’ব ।

আনহাতে, মল্লিকাৰ্জুন খাৰ্গেয়ে সকলো বিৰোধী নেতাক বেংগালুৰুত একত্ৰিত হ’বলৈ আহ্বান জনাইছে । ইয়াৰ পূৰ্বে লালু প্ৰসাদে এই সভাত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।

১৫ টাতকৈও অধিক দলে অংশগ্ৰহণ কৰা প্ৰথমখন বিৰোধী ঐক্যৰ বৈঠক ২৩ জুনত পাটনাত অনুষ্ঠিত হয়, আৰু ইয়াক আহ্বান কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । এই বৈঠকত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি নেতাসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Brij Bhushan Misbehaves Reporter : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিজেপি সাংসদ ব্রিজ ভূষণে