Local, Vocal, Global

Himachal Pradesh Flood : হিমাচল প্ৰদেশত ভয়ংকৰ ৰূপত বান পৰিস্থিতি, মৃত্যুৰ সংখ্যা ৮০জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১২জুলাই : অপৰিৱৰ্তিত অৱস্থাত হিমাচল প্ৰদেশৰ বান পৰিস্থিতি আৰু বৰষুণ(Himachal Pradesh Flood)। উত্তৰ ভাৰতৰ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হিমাচল প্ৰদেশ। এই প্ৰাকৃতিক দূৰ্যোগৰ ফলত এতিয়ালৈকে হিমাচল প্ৰদেশৰ প্ৰায় ৮০জন লোক নিহত হৈছে বুলি জানিব দিয়ে হিমাচল প্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগে (Heavy rainfall and flooding in Himachal Pradesh) ।

প্ৰাপ্ত তথ্য অনুসৰি শণিবাৰে আৰম্ভ হোৱা ধ্বংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাই। ইফালে ভূমিস্খলন আৰু বানপানীৰ ফলত প্ৰায় ১,৩০০ টা পথ আৰু ৪০ খন মুখ্য দলংও ক্ষতিগ্ৰস্ত হৈছে।প্ৰভাৱিত হৈছে মুঠ ৩,৭৭৩ টা পানী যোগান আঁচনি লগতে ক্ষতিগ্ৰস্ত হৈছে ৭৯ টা ঘৰ সম্পূৰ্ণৰূপে আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৩৩৩ টা ঘৰ।

২৪ জুনত আৰম্ভ হোৱা এই বান পৰিস্থিতি আৰু বৰষুণ বাবে মুঠ লোকচান প্ৰায় ১,০৫০ কোটি টকা ধাৰ্য কৰিছে। ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই জনোৱা অনুসৰি ,এই ভয়ংকৰ বান পৰিস্থিতি আৰু বৰষুণ বাবে ৮০ জন লোক নিহত উপৰিও ১০ জন লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে ।জানিব পৰা মতে, এতিয়ালৈকে হোৱা এই ৮০ জনৰ মৃত্যুৰ ভিতৰত ২৪ জন পথ দুৰ্ঘটনাত, ১২ জন ওখ স্থানৰ পৰা পৰা, ২১ জন ভূমিস্খলন,৫ জনৰ আকস্মিক বানপানীত মৃত্যু হোৱা, ৭ জন দুর্ঘটনাক্রমে ডুব যোৱা, ৪ জন বিদ্যুৎস্পৃষ্ট হোৱা, ২ জন সাপৰ কামোৰ আৰু ৫ জন অন্য ঘটনাত মৃত্যু হৈছে।আনহাতে, এই ভয়ংকৰ ভূমিস্খলন আৰু বানপানীৰ ফলত ১,২৯৯ টা পথ বন্ধ হৈ পৰিছে ।

এই ভয়ংকৰ ভূমিস্খলন আৰু আৰু বানৰ ফলত বন্ধ হৈ পৰিছে কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ ।খবৰ অনুসৰি ভূমিস্খলন আৰু আৰু বানৰ ফলত ৰাস্তৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত যাৰ ফলত ব্য়াহত হৈ পৰিছে ৰাস্ত ঘাত।ইয়াৰ ফলত চণ্ডীগড়-মানালী আৰু চিমলা-কালকা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে ।স্থগিত ৰখা হৈছে ১,২৮৪ টা পথত বাছ সেৱা ।

আনহাতে, চৰকাৰে বান পৰিস্থিতি আৰু বৰষুণ বাবে ১৫ জুলাইলৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে । ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহকো বন্ধৰ নিৰ্দেশ জাৰি কৰিছে । প্ৰতিকূল বতৰে ৰাজ্যিক লোকসেৱা আয়োগক ইয়াৰ প্ৰতিযোগিতামূলক পৰীক্ষা ২০ আগষ্টলৈ পুনৰ নিৰ্ধাৰণ কৰিছে (Heavy rainfall and flooding in Himachal Pradesh) ।

ইফালে পানীত গধুৰ বালিশিল মিহলি হোৱাৰ ফলত পাম্পিং প্ৰভাৱিত হৈছে । ফলত প্ৰশাসনে ৰাজধানী চহৰজুৰি টেংকাৰৰ জৰিয়তে পানী যোগান ধৰিবলৈ বাধ্য হৈছে । পাহৰীয়া ৰাজ্যখনত একেৰাহে চতুৰ্থ দিনধৰি খোৱাপানীৰ যোগান বন্ধ আছিল ।

লগতে পঢ়ক : Helicopter crash in Nepal : নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত , ৫ বিদেশী যাত্ৰীসহ ৬ জনৰ মৃত্যু