Local, Vocal, Global

মৰিগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ এজনক আটক

নিউজ ডেস্ক,৩০ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য।

মৰিগাঁও আৰক্ষীৰ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰু নঁগাও জিলাৰ সীমান্তৰ টুমুকাবড়ীৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

এই অভিযানত যৌথভাৱে সহযোগ কৰে স্থানীয় বড়িবজাৰ আৰক্ষী পহৰা চকী আৰু মিকিৰভেটা থানাৰ আৰক্ষীয়ে।

এই অভিযানত ৪.২৫ গ্ৰাম ড্ৰাগছ, নগদ ধন আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। লগতে আটক কৰে আচমত আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক।

আনহাতে তফজুল নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰাবলৈ সক্ষম হয়। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।