Local, Vocal, Global

পুনৰ বৃদ্ধি, শতকৰ ঘৰ পাৰ কৰিলে পেট্ৰ’ল ডিজেলৰ মূল্যই

নিউজ ডেস্ক, ৩০ মাৰ্চঃ আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। বিগত ৯ দিনত ৮ বাৰকৈ বৃদ্ধি পেট্ৰ’ল- ডিজেলৰ মূল্য। ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল–ডিজেলৰ দাম।

বুধবাৰেও পেট্ৰ’লৰ দাম ৮০–৮৫ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৭০–৭৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।

দিল্লীত পেট্ৰ’ল ৮০ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈ ১০১ টকা হৈছে। মুম্বাইত পেট্ৰ’লত ৮৫ পইচা বৃদ্ধি হৈছে। দিল্লীত ডিজেলৰ দামো ৮০ পইচাকৈ বৃদ্ধি পাইছে। চেন্নাইত পেট্ৰ’ল ১০৬.৬৯ টকা আৰু ডিজেল ৯৬.৭৬ টকা প্ৰতিলিটাৰত। কলকাতাত পেট্ৰ’ল ১১০.৫২ টকা আৰু ডিজেল ৯৫.৪২ টকা প্ৰতিলিটাৰত।

আনহাতে, গুৱাহাটীত আজি ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। গুৱাহাটীত আজি বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছে ১০০.৭৮ টকা। ডিজেলৰ দাম ৮৬.৭৫ টকা প্ৰতিলিটাৰত ।