Local, Vocal, Global

লখিমপুৰত তীব্ৰবেগী বাহনে মহতিয়াই নিলে এটি ৫ বছৰীয়া শিশুক

নিউজ ডেস্ক, ৩০ মাৰ্চ : লখিমপুৰ জিলাৰ লালুক কাছজুলি মিৰি গাঁৱত ভয়ংকৰ অঘটন। তীব্ৰবেগী এল্ট বাহনে মহতিয়াই নিলে এটি ৫ বছৰীয়া শিশুক। দুৰ্ঘটনাস্থলীত থিতাতে নিহত হয় ৰাঘৱ পাৱে নামৰ কণমানি শিশুটি। কণমানি শিশুটিৰ মৃত্যুক লৈ শোঁকত ভাঙি পৰিছে পৰিয়ালৰ প্ৰতিজন সদস্য।

উল্লেখযোগ্য যে, এবছৰ পূৰ্বে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল কণমানিটোৰ পিতৃয়ে। বৰ্তমান এই দুৰ্ভগীয়া পৰিয়ালটো লৈ নামি আহিছে ঘোৰ অমানিশা।

আনহাতে, অনুজ্ঞাপত্ৰ বিহীন ভাৱে চলাই আছিল AS 07 J 3170 নম্বৰৰ এল্ট বাহন খন। অভিযোগ অনুসৰি অনুজ্ঞাপত্ৰ বিহীন চালকে সংঘটিত কৰিছে এই ভয়ংকৰ দুৰ্ঘটনা। বৰ্তমান ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।