Local, Vocal, Global

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা অৰ্জুনা লাভলীনা বৰগোহাঁই

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা তথা গোলাঘাটৰ জীয়ৰী অৰ্জুনা লাভলীনা বৰগোহাঁইৰ উন্নত প্ৰদৰ্শনৰ কামনাৰে গোলাঘাটত প্ৰাৰ্থনা ।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত  লগতে গোলাঘাট নগৰৰ বাটি পইন্ট আৰু টোকানী চাৰ্কোলত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

 

উক্ত অনুষ্ঠানত গোলাঘাট জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল অংশগ্ৰহণ কৰে ।

 

উল্লেখযোগ্য যে ভাৰতীয় বক্সাৰ লাভলীনা অহা ২৭ জুলাইত জাৰ্মানীৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হ’ব ।