Local, Vocal, Global

বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত গৃহৰক্ষী জোৱান

বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত গৃহৰক্ষী জোৱান ।

 

তৈলনগৰী ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত কৰ্তব্যৰত গৃহৰক্ষী জোৱান। আহত জোৱানজন  হৈছে  জন  মাছি কাৱা। গুৰুতৰ ভাৱে আহত গৃহৰক্ষী জোৱানজনক উন্নত চিকিৎসাৰ বাবে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

 

দীৰ্ঘদিন ধৰি আই অ চিৰ আৱাসিক এলেকাত সন্ত্ৰাস চলিছে বন্যহস্তীৰ। নিশা প্ৰায় ১২বজাত চেণ্ট্ৰেল ডিগবৈৰ তেলখাদ মছজিদৰ সমীপত সংঘটিত হৈছে এই ঘটনা। নীৰৱ স্থানীয় বনবিভাগ। এলিফেণ্ট কৰিদ’ৰ বন্ধ কৰি আই অ চিৰ বৃহৎ টাৰ্মিনেল প্ৰতিষ্ঠাৰ বাবেই জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ অভিযোগ স্থানীয় লোকৰ।

ইতিমধ্যে কেইবাগৰাকী লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ পাছতো গা লৰা নাই আই অ চিৰ কতৃপক্ষ তথা বনবিভাগৰ।