Local, Vocal, Global

মায়ঙৰ বৰদিয়াত এটি মৃতদেহক লৈ চাঞ্চ্যল

মায়ঙৰ বৰদিয়াত এটি মৃতদেহক লৈ চাঞ্চ্যল

মায়ঙৰ বৰদিয়াত শুক্ৰবাৰে নিপন বৰ্মন নামৰ এজন ৩০ বছৰীয়া লোকৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ পিচতে চাঞ্চ্যলৰ সৃষ্টি হৈছে সমগ্ৰ বৰদিয়াত।

জানিব পৰা মতে গুৱাহাটী নোনমাটিৰ নিপন বৰ্মন মায়ং বৰদিয়াৰ জীৱৰী জুৰিৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। নিপনে পিছলৈ পত্নী জুৰিৰ ঘৰতে ঘৰজোৱাই হিচাপে বসবাস কৰি আছিল।

শুক্ৰবাৰে নিপন বৰ্মনৰ পৰিয়ালৰ লোকে বৰদিয়াৰ স্থানীয় লোকৰ খৱৰৰ ভিত্তিত মায়ঙৰ বৰদিয়াত উপস্থিত হৈ নিপনৰ মৃতদেহ দেখি হতভম্ভ হৈ পৰে। নিপন বৰ্মনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে নিপন বৰ্মনক পত্নী জুৰি আৰু পৰিয়ালৰ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। মৃতদেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট হোৱাৰ বাবে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে নিপনৰ পৰিয়ালৰ লোকে ।

ইতিমধ্যে মায়ং আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব।