Local, Vocal, Global

তিনিচুকীয়াৰ গুইজানত অইলৰ ইণ্ডিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

 তিনিচুকীয়াৰ গুইজানত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গুইজান হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰা নতুন ৰঙাগড়া গাঁওবাসীৰ

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰায় এমাহ অতিক্ৰম কৰাৰ পিছতো আগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম নাই অইল ইণ্ডিয়াই । আশ্ৰয় শিবিৰত বাস কৰা লোক সকলক কোনোধৰণৰ সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে । আশ্ৰয় শিবিৰত বাস কৰা প্ৰায় শতাধিক পুৰুষ-মহিলাই অইলৰ সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ পুত্তলিকা দাহ কৰি বাঘজানৰ তৈলখাদৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ লগতে অঞ্চলটোৰ বায়ু,পানী,মাটিৰ প্ৰদুষণমুক্ত কৰিবলৈও দাবী জনায় । উল্লেখ যে বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ভূ-কম্পনৰ বাবে তিনিচুকীয়াৰ নতুন ৰঙাগড়াবাসী ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে গুইজান হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰি আছে গাঁওবাসীয়ে ।