Local, Vocal, Global

বজালীত বানবিধ্বস্ত অঞ্চলত কৃষকৰ হাহাকাৰ

পানীৰ মাজত নষ্ট হ’ল সিঁচা কঠীয়া

চৰকাৰলৈ এতিয়া আশাৰে চাইছে দৰিদ্ৰ কৃষকে

কালদিয়া, পহুমৰা আৰু দেউজাৰা নদীয়ে সৃষ্টি কৰা বজালীত বানৰ পিছত এতিয়া বজালীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া কৃষকে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । বানে গৰকা বজালীৰ কুৱাৰা, দলৈগাঁও, নিত্যানন্দ, বদনকুছি, পুঠিমাৰীকে বজালীৰ বৃহত্তৰ দক্ষিণ অঞ্চলত কৃষকে সিঁচা কঠীয়া এতিয়া নষ্ট হৈছে । বজালীৰ কুৱাৰৰ  প্ৰায় ২০০ হেক্টৰ মাটিৰ বাবে সিঁচা কঠীয়া নষ্ট হোৱাত এতিয়া সাধাৰণ খেতিয়ক সকলে চকুৰ পানীৰে বাট নেদেখা অবস্থা হৈছে । খেতিয়ক সকলে কেমেৰাৰ আগত এনেদৰে দেখাইছে যে কেনেদৰে নষ্ট হৈছে কঠিয়া এনে বিপদৰ ক্ষণত এতিয়া তেওঁলোকে বিচাৰিছে মাথোঁ চৰকাৰৰ সু-দৃষ্টি । উল্লেখযোগ্য যে বজালীত কালদিয়া নদীৰ চাৰিটাকৈ স্থানত মঠাউৰি ভাগি বজালীৰ বিভিন্ন প্ৰান্তত বান সৃষ্টি হৈছিল । এফালে কৰ’নাৰ প্ৰকোপ, আনপিনে বানে ধুই নিয়া সমস্ত আৰু তাৰ পিছত দুখীয়া কৃষকৰ এনে দূৰ্দশাৰ পৰিস্থিতি এতিয়া অবৰ্ণনীয় হৈ পৰিছে ।