Local, Vocal, Global

Odisha train derailed: ওড়িশাৰ বালাশ্বৰত ভয়াৱহ ৰে’ল দুৰ্ঘটনা; অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা

ওড়িশা, ৩ জুন: শুকুৰবাৰে নিশা ওড়িশাৰ বালাশ্বৰ জিলাত দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ৫০ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে ১৩২ গৰাকী যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)। ওড়িশা চৰকাৰে জনোৱা অনুসৰি, এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ওড়িশা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

চৰকাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ভুৱনেশ্বৰৰ পৰা ওড়িশা অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ সঁহাৰি একাডেমী (Odisha Fire and Disaster Response Academy Bhubaneswar)ৰ পৰা বিভিন্ন উদ্ধাৰ সঁজুলিৰে যোৱা ২৬ জনীয়া এটা অভিযানকাৰী দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমান এনডিআৰএফ আৰু এছডিআৰএফৰ প্ৰায় ৬০০-৭০০ জোৱানে উদ্ধাৰ অভিযান চলাই গৈছে । শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি গোটেই নিশা উদ্ধাৰ অভিযান চলোৱা হ’ব । লগতে নিকটৱৰ্তী সকলো চিকিৎসালয়ে আগবঢ়াইছে সহায়ৰ হাত ।

প্ৰাপ্ত তথ্য অনুসৰি ওড়িশাৰ বালাশ্বৰৰ বাহানাগা ষ্টেচনৰ সমীপত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ (Shalimar-Chennai Coromandel Express) ৰে’লখনৰ বহুকেইটা ডবা লাইনচ্যুত হয় । ইয়াৰ থিক পাছতেই কাষৰ ট্ৰেকেৰে পাৰ হৈ যোৱা বেংগালুৰু হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লখনে কৰমণ্ডল এক্সপ্ৰেছৰৰ দুৰ্ঘটনাগ্ৰস্ত ডবাসমূহত খুন্দা মাৰেহি । যাৰ ফলত এই ৰে’লখনৰো বহুকেইটা ডবা লাইনচ্যুত হয় । এনে সময়ত আন এখন এখন মালবাহী ৰে’ল আহি দুয়োখন ৰে’লৰ দুৰ্ঘনাগ্ৰস্ত ডবাসমূহত খুন্দা মাৰেহি (Odisha train derailed)।

ইফালে উদ্ধাৰ হোৱা আহত যাত্ৰীসকলক ততাতৈয়াকৈ সোৰো চি এইচ চি, গোপালপুৰ চি এইচ চি, আৰু খানতাপাদা পি এইচ চিলৈ প্ৰেৰণ কৰা হৈছে বুলি ওড়িশাৰ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিছে ।

ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মা (Railway Spokesperson Amitabh Sharma)ই জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
.
“সন্ধিয়া প্ৰায় ৭ বজাত বালাশ্বৰৰ সমীপত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা ৰেলপথৰ পৰা লাইনচ্যত হৈ কাষৰ ট্ৰেকত পৰেগৈ । কিছু সময়ৰ পিছতে কাষৰ সেই ট্ৰেকেৰে যচৱন্তপুৰৰ পৰা হাওৰাৰ দিশে আহি থকা আন এখন ৰে’লে লাইনচ্যুত ডবাবোৰত খুন্দা মাৰেগৈ, যাৰ ফলত ৩-৪ টা ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।” ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই এইদৰে কয় ।

ইতিমধ্যে বালাশ্বৰ ৰেলৱে ষ্টেচন (Balasore Railway Station)ৰ পৰা যোৱা ২২ জনীয়া এন ডি আৰ এফৰ প্ৰথমটো দল দুৰ্ঘটনাস্থলীত উপস্থিত হয়গৈ । তাৰোপৰি যান-বাহন নিয়ন্ত্ৰণ বিভাগৰ (Centralised Traffic Control)৩২ জনীয়া আন এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি এগৰাকী বিভাগীয় বিষয়াই জানিবলৈ দিছে ।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে(Odisha Chief Minister Naveen Patnaik) ইতিমধ্যে ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী প্ৰমিলা মল্লিক আৰু বিশেষ সাহায্য আয়ুক্ত (Special Relief Commissioner)ক শীঘ্ৰেই দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়াৰ পিছতেই ঘটনাস্থলীলৈ মন্ত্ৰী আৰু বিশেষ সাহায্য আয়ুক্তগৰাকী ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে ওড়িশাৰ এই ৰে’ল দুৰ্ঘটনাটোৰ বিষয়ে সদৰি হোৱাৰ পিছতেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জি (West Bengal CM Mamata Banerjee)য়ে শ্বেয়াৰ কৰিছে দুটাকৈ জৰুৰীকালীন নম্বৰ (Odisha train accident) । তেখেতে কলে, “আমি আমাৰ যাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত ওড়িশা চৰকাৰ আৰু দক্ষিণ-পূব ৰে’লৱেৰ সৈতে যোগাযোগ স্থাপন কৰিছে কৰিছো। তাৰোপৰি মই ব্যক্তিগতভাৱে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছো ।” পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৩-২২১৪৩৫২৬ আৰু ০৩৩-২২৫৩৫১৮৫ — এই দুটা নম্বৰ শ্বেয়াৰ কৰিছে ।

আনহাতে দুৰ্ঘটনাস্থলীলৈ প্ৰায় ৫০খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছিল যদিও আহতসকলৰ সংখ্যা বহুত বেছি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি দুৰ্ঘটনাস্থলীলৈ বহুকেইখন বাছো প্ৰেৰণ কৰা হৈছে বুলি ওড়িশাৰ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক: Amit Shah to visit Assam : ২৭ জুনত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ