Local, Vocal, Global

নুমলীগড়ত পথৰ দুৰৱস্থা, যাতায়াত বিঘিনি

পথ নহয় যেন পথাৰহে

পথৰ মাজত পুখুৰী সদৃশ বৃহৎ গাঁত

নুমলীগড়ৰ কাষৰীয়া মূৰফুলনীত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। সৰুপথাৰ সমষ্টিৰ গোলাঘাট কাৰ্বি আংলং সীমান্তৰ বগীজানৰ পৰা গোলাঘাট সংযোগী গড়কাপ্টানী পথে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দি গাদীত বহা সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজলীনা তিৰ্কীৰ সমষ্টিৰ পথৰ দুৰৱস্থা৷ কিন্তু কাণসাৰ নাই বিধায়িকাগৰাকীৰ। এই পথেৰে বৃহত্তৰ ফলঙনি-মূৰফুলনি আৰু বগীজানৰ লগত জিলা সদৰক সংযোগ কৰা তথা ৩৯নং ৰাষ্ট্ৰীয় পথ সংযোগী বগীজান থুৰামুখ পথটোৱেই একমাত্ৰ যাতায়াতৰ সম্বল। পথটোৰ বিভিন্ন অংশত সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ গাঁত। দৈনিক সংঘটিত হৈছে সৰু-বৰ পথ দুৰ্ঘটনা। পথটোৰে যাতায়তৰ ক্ষেত্ৰত ৰোগীৰ কথাটো বাদেই সাধাৰণ মানুহৰ বাবেও অনুপযোগী হৈ উঠিছে। এইক্ষেত্ৰত গড়কাপ্টানী বিভাগৰ লগতে স্থানীয় বিধায়িকাগৰাকীৰ ভূমিকাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। স্থানীয় ৰাইজৰ লগতে বিভিন্ন সংগঠনে তৎকালীনভাৱে মেৰামতিৰ বাবে দাবী জনাইছে।