নুমলীগড়ৰ এটা পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

নুমলীগড়ৰ সুন্দৰপুৰ ৰজাআলিৰ এটা পুখুৰীত পৰি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য। মৃতদেহটো কাঠনি চাহ বাগিচাৰ জন কেৰ্কেটা নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। নিজ ভনীয়েকৰ ঘৰৰ পুখুৰীত ৰহস্যজনকভাৱে পুৱাই উদ্ধাৰ হয় জন কেৰ্কেটাৰ মৃতদেহ। দেওবাৰে সুন্দৰপুৰ অঞ্চলৰ ভনীয়েকৰ ঘৰলৈ গৈছিল যুৱকজন। পিছে এয়া হত্যাকাণ্ড নে আন কিবা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷