লক ডাউনত বিপৰ্য্যস্ত, কেনে আছে বেণ্ডপাৰ্টীৰ শিল্পী ?

বিবাহ-সভাহে এটা জনপ্ৰিয় নাম বেণ্ডপাৰ্টী৷ বিবাহ কাৰ্যক শুভ পৰ্ব ৰূপ প্ৰদান কৰা এওলোক বেণ্ডপাৰ্টীৰ শিল্পী। এওঁলোকৰ বাদ্যযন্ত্ৰৰ শব্দ অবিহনে আধৰুৱা হৈ পৰে বিবাহস্থলী। জোৰোণ পিন্ধোৱাৰ পৰা দৰাঘৰলৈ কইনা আদৰালৈকে এই বেণ্ডপাৰ্টীৰ শিল্পীয়ে ৰজনজনাই তোলে বিবাহৰ মধুলগন। সম্প্ৰতি কভিড-১৯ৰ আতংক, তাৰ মাজতেই বহু বিবাহ কাৰ্য সম্পন্ন হৈছে ব’হাগ মাহত। পিছে মানিবলগীয়া হৈছে লকডাউনৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা। যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বেণ্ডপাৰ্টী শিল্পীসকলে। দিন হাজিৰা কৰা একাংশ শিল্পীয়ে বঞ্চিত হৈছে সাহায্যৰ পৰাও৷ হিন্দী অথবা অসমীয়া বোলছবিৰ বহু জনপ্ৰিয় গীতৰ লহৰ তুলি ৰাইজক আমোদ দিয়া এইসকল শিল্পী এতিয়া বিপদত পৰিছে। বজালীৰ ২ শতাধিক বেণ্ডপাৰ্টীৰ শিল্পীৰ দুৰৱস্থাৰ সময়তো পৰম্পৰা অক্ষুণ্ণৰে শিল্পীসকলে চৰ্চাও অব্যাহত ৰাখিছে৷ কিন্তু কভিড ১৯-এ কঙাল কৰা বজালীৰ বেণ্ডপাৰ্টীৰ শিল্পীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনেদৰেই বন্ধ হৈ পৰিছে বেণ্ডপাৰ্টীসমূহ৷ সমগ্ৰ ৰাজ্যৰ লগতে বজালী মহকুমাৰ ভিন্ন প্ৰান্তৰ বেণ্ডপাৰ্টীসমূহৰ সদস্যসকলে এতিয়া পৰিয়ালৰ ভৰণ-পোষনৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে৷ বজালী মহকুমাৰ গোবিন্দপুৰৰ দুটা, নিমুৱাৰ দুটা, সাদেৰীৰ দুটা, বগাপাৰাৰ এটা, ষাঠিশামুকাৰ এটা, বাঘমাৰাৰ পশ্চিম খাগ্ৰাবাৰীৰ এটা, পশ্চিম কঁঠালমুৰীৰ এটা, হেলনা নলবাৰী চুবাৰ দুটা, মালিপাৰাৰ এটা, কঁহৰা পথাৰৰ এটা, উপাৰনৈৰ এটা দলৰ উপৰি আন বহুকেইটা দলৰ বাদ্য এতিয়া স্তব্ধ হৈ পৰিছে৷ লক্ষণীয়ভাৱে বজালীৰ বহুকেইটা পৰিয়ালে আজিও বংশানুক্ৰমে বেণ্ডপাৰ্টীৰ বাজনা বজাই সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰাখিছে৷ ইপিনে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ নহ’লে মাঘ, ফাগুন মাহৰ বিয়া-সবাহো বন্ধ হৈ পৰিব৷ যাৰ ফলত পুনৰ বেণ্ডপাৰ্টীসমূহ ভীষণ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে৷ যাক লৈ এতিয়া ভবিষ্যত অন্ধকাৰ দেখিছে বজালীৰ দুই শতাধিক বেণ্ডপাৰ্টীৰ শিল্পীয়ে। এওলোকৰ বাবে আগবাঢ়ি আহিবনে কোনোবা শুভাকাংক্ষী?