Local, Vocal, Global

গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দেওবাৰে নিশা হাহাকাৰ পৰিস্থিতি

স্বামীৰ নিথৰ দেহৰ কাষত কান্দোনত ভাগি পৰিছে এগৰাকী পত্নী।  পিতৃৰ মৃতদেহৰ কাষলৈ যাবলৈ দিয়া নাই নিজ কণ্যাকো। এক কৰুণ ঘটনা। গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত নিশা সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। উল্লেখ্য যে নুমলীগড় তেল শোধনাগাৰৰ কৰ্মচাৰী ৫২ বছৰীয়া মুকুল চন্দ্ৰ বৰুৱা কিডনীৰ অসুখত ভুগি চণ্ডীগড়ৰ IVY চিকিৎসালয়ত লকডাউনৰ মাজতে তিনিমাহ ধৰি চিকিৎসাধীন হৈ আছিল। যোৱা ১২ জুনত বিমানেৰে গুৱাহাটীত উপস্থিত হৈ NRLলৈ অহাৰ পথত ১৩ জুনত কভিড পৰীক্ষাৰ বাবে কাজিৰঙা কঁহাৰ চিকিৎসালয়ত স্বোৱাব সংগ্ৰহ কৰা হয় । এটি নিশা NRL হাস্পতালত থকাৰ পিছত অৱস্থা সংকটজনক হোৱাত ১৪ জুনৰ নিশা 108 এম্বুলেন্সেৰে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ গৈ থকা অৱস্থাতেই মৃত্যু হয়। বৰ্তমানলৈ কভিড পৰীক্ষাৰ কোনো ফলাফল অহা নাই। সেয়ে লোকজনৰ মৃতদেহ কেনেকৈ কি কৰা হ’ব তাৰ সিদ্ধান্ত ল’বলৈ গোলাঘাট চিকিৎসা বিভাগৰ দুঘন্টা লাগিল। স্বামীৰ লগত প্ৰতিটো মুহুৰ্ত লাগি থকা পত্নীকো কভিড ফলাফল নহাপৰ্যন্ত কৰা হ’ব কোৱাৰেন্টাইন। ইয়াকে লৈ চিকিৎসালয়খনত বিৰাজ কৰে এক শোকাকুল পৰিৱেশ। অৱশেষত মৰ্গলৈ প্ৰেৰণ কৰা হ’ল লোকজনৰ মৃতদেহ।