Local, Vocal, Global

গুৱাহাটীত উদ্বেগজনক ভাৱে বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

মহানগৰীত এই পৰ্যন্ত আক্ৰান্ত ১৭২ গৰাকীৰ ২৫ গৰাকীৰ নাই ট্ৰেভেল হিষ্ট্ৰী । ১৬ জুনৰ পৰা গুৱাহাটীত ১৫ দিনৰ ভিতৰত ৫০ হাজাৰ লোকৰ SWAB পৰীক্ষা কৰা হ’ব ।  ১২ খন চিকিৎসালয়ত কৰা হ’ব এই পৰীক্ষা। GMCH,MMCH,ধীৰেনপাৰা এফ আৰ ইউ,পাণ্ডু এফ আৰ ইউ,উলুবাৰী আৰবান হস্পাটাল,দিছপুৰ কেপিটেল স্বাস্থ্য কেন্দ্ৰ,খানাপাৰা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ,ভেটাপাৰা,লখৰা,বামুণিমৈদাম,শান্তিপুৰ আৰু ওদালবাক্ৰা স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়াকৈ হ’ব এই পৰীক্ষা।৫০০ ৰোগী ওলালেই হ’ব গুৱাহাটীত পুনৰ লকডাউন সন্দৰ্ভত সিদ্ধান্ত।
মহানগৰীত বহি:ৰাজ্যৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী আনি ল’ড-আনল’ড কৰা মুঠ ১৫৯ টা গুডাম-পাৰ্কিঙৰ লগতে পেট্ৰ’ল পাম্প সমুহত চোকা দৃষ্টি দিব প্ৰশাসনে।
এই পৰ্যন্ত সক্ৰিয় হৈ আছে মহানগৰীত ৪৪ টা কন্টেইনমেন্ট জ’ন।এইসমুহ স্থান ক্ৰমে জাপৰিগোগ, বৰবাৰী, বিষ্ণুপুৰ কৃষ্ণনগৰ, ধীৰেনপাৰাৰ ২ টা স্থান,। পূৱ শৰণীয়া,গীতামন্দিৰৰ বাথৌনগৰ,গোশালাৰ কৃষ্ণনগৰ,লখৰাৰ চেন্ট্ৰেল জেইল,ইন্দ্ৰপুৰ হিল,হেঙেৰাবাৰীৰ লিচুবাগান,পাণবজাৰৰ অৰিহন এপাৰ্টমেন্ট,ৰাজধানী নাৰ্চাৰীৰ শ্যামকুঞ্জ এপাৰ্টমেন্ট,চন্দ্ৰপুৰৰ হাজোংবড়ী গাঁও,ফটাশিলৰ ভাস্কৰ নগৰ,চেৰাপভাটি,আঠগাঁও,আজাৰাৰ হীৰাপাৰা গাঁও,খ্ৰীষ্টানবস্তি,বিষ্ণুপুৰ, শান্তিপুৰ,সাতগাঁও, লালগণেশৰ শংকৰ নগৰ,আঠগাঁও-২,লেম্বৰোড,বামুণিমৈদামৰ কুশল নগৰ,বিৰুবাৰী,আঠগাঁও পুখুৰিপাৰ,বৰ্ষাপাৰা,ৰূপনগৰ,মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ,ফটাশিল চাৰিআলি,শিলপঙখুৰি, ঘোঁৰামাৰা হাউচিং কলনী,নেতাজী বিদ্যাপীঠ এইচ এছ স্কুল,প্ৰাগজ্যোতিষ হাউচিঙৰ এম ব্লক,সাতগাঁও আৰ্মী কেম্প,নুনমাটিৰ চি আই এছ এফ কেম্প,লালগণেশৰ মংগলদ্বীপ ৰেচিডেন্সী,ফটাশিলৰ জি এছ কলনী,টকৌবাৰী,পল্টন বজাৰৰ কে চি সেন পথ,বিৰুবাৰীৰ শংকৰপুৰ আৰু উজানবজাৰ ৰে’লৱে ক’লনী।
অহা সপ্তাহৰ এটা ভাল আৰু এটা বেয়া খবৰ মহানগৰবাসীক জনাইছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। মহানগৰীত অহা সপ্তাহত সংক্ৰমণৰ মাত্ৰা অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে অহা সপ্তাহতেই আহি পোৱাৰ আশা আছে কৰ’না প্ৰতিৰোধী ভেকচিন।।