Local, Vocal, Global

নুমলীগড়ত ভয়াৱহভাৱে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত

দৈনিক দিনে-নিশাই ভিন্ন অঞ্চলত সংঘাত চলিছে বনৰীয়া হাতী আৰু মানুহৰ। বন বিভাগৰ তথ্য অনুসৰি ১৯৮৯ চনৰ পৰা ২০১৯ চনলৈকে সমগ্ৰ গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাতত প্ৰায় ১১৫টা বন্যহস্তীৰ মৃত্যুৰ বিপৰীতে  ১৯৯৫ চনৰ পৰা ২০১৯ চনপৰ্যন্ত সমগ্ৰ গোলাঘাট জিলাত হাতীৰ আক্ৰমণত মৃত্যুৰ সংখ্যা ১৪০জন। এনেদৰেই গোলাঘাট তথা নুমলীগড়ত ভয়াৱহভাৱে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। দৈনিক নুমলীগড়ৰ ভিন্ন অঞ্চল মূৰফুলনি, সুন্দৰপুৰ, বকিয়াল, ৰংবং, মৰঙীকে ধৰি সমগ্ৰ গোলাঘাট জিলাত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে। গোলাঘাটত থকা নামবৰ, আপাৰ দৈগ্ৰোং, বিজুলী আৰু দেওপাহাৰ আদি বনাঞ্চল সংকুচিত আৰু বেদখলৰ বাবেই আজি এনেদৰে জাকে জাকে বন্যহস্তী খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি চলাইছে উপদ্ৰৱ। কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে চাহ বাগিচা, খেতিপথাৰত বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এতিয়া নিশাটো বাদেই দিনৰ ভাগত এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি দৈনিক অব্যাহত ৰাখিছে উপদ্ৰৱ। বন্যহস্তীৰ ত্ৰাসৰ বাবে এতিয়া অনাহাৰে-অনিদ্ৰাই দিন অতিবাহিত কৰিবলগীয়া হৈছে নুমলীগড়ৰ ভিন্ন প্ৰান্তৰ লোকে৷ হাতী-মানুহৰ সংঘাত যেন নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে সমগ্ৰ জিলাখনতে। ৰাজ্যৰ বন বিভাগে বনাঞ্চল ৰক্ষা আৰু সংঘাত ৰোধৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক ভয়াৱহ হৈ উঠিব হাতী-মানুহৰ এই সংঘাত৷