ঢকুৱাখনাত পথ, দলং নিৰ্মাণত ব্যাপক অনিয়ম , ৰাইজৰ তদন্তৰ দাবী

লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তৰ হাৰ্হিগাঁও পঞ্চায়তৰ অধীনৰ গড়পৰাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এটা পথ নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্টানী বিভাগৰ অভিযন্তা-বিষয়াই মিলি ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে।
গড়পৰা গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ ধেমাজিক্ষেত্ৰীয় পথ সংমণ্ডলৰ তদাৰকত কুলেন হাজৰিকা নামৰ এজন ঠিকাদাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৫.৭১৭ কি:মি পথৰ লগতে এটা কালভাৰ্ট আৰু ৮খন পকী দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল।
পথটোৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ২০১৮ চনৰ ৭ এপ্ৰিলত। উল্লেখ্য যে সাংসদ-বিধায়কে শুভাৰম্ভ কৰা তথ্য ফলকৰ মতে ২৭ কোটি ১৮ লাখ ৪২ হজাৰ ২৭৫ টকা আৰু গড়কাপ্টানী বিভাগ তথা ঠিকাদাৰে স্থাপন কৰা তথ্যফলক অনুসৰি ২৬ কোটি ৬৮ লাখ ৫ হাজাৰ ১৪১ টকাৰ পুঁজিৰে ৫,৭১৭ কি:মি পথ পকীকৰণ ১টা কালভাৰ্ট আৰু ৭৮খন দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল কুলেন হাজৰিকাই।
কিন্তু এইজন ঠিকাদাৰে আৰম্ভণিৰে পৰাই বিভিন্ন অনিয়মৰ আশ্ৰয় লৈ চলাই গৈছে পথ-দলং নিৰ্মাণৰ কাম। ৰাইজৰ অভিযোগ অনুসৰি গড়কাপ্টানী বিভাগৰ ধেমাজি ক্ষেত্ৰীয় সংমণ্ডলৰ জনৈক দেউৰী উপাধিৰ কনিষ্ঠ অভিযন্তাৰ তদাৰকত নিৰ্মিত পথটোৰ দলংবোৰত যি পৰিমাণৰ আৰু যি মানদণ্ডৰ শিল, বালি, লোহা-চিমেন্ট ইত্যাদি ব্যৱহাৰ কৰিব লাগে তেনেদৰে ব্যৱহাৰ কৰা হোৱা নাই।দলংবোৰৰ খুঁটা আৰু ঢালাইত উন্নত মানৰ শিল ব্যৱহাৰ কৰাৰ বিপৰীতে বোকা-বালি মিহলি নিম্নমানৰ শিল বেছিকৈ ব্যৱহাৰ কৰিছে।
বৰ্তমানলৈ ৮খন দলঙৰ ভিতৰত মাত্ৰ দুখন দলঙৰহে ৮০ শতাংশ কাম হোৱাৰ বিপৰীতে বাকী ৬খন দলঙৰ ৩০ শতাংশ কামো সম্পুৰ্ণ হোৱা নাই। গড়পৰাৰ ৰাইজৰ অন্য এক অভিযোগ অনুসৰি দলং নিৰ্মাণৰ স্থানত দলং নিৰ্মাণ সম্পূৰ্ণ নোহোৱাপৰ্যন্ত ৰাইজৰ সুবিধাৰ্থে উপপথ নিৰ্মাণ কৰি দিব লাগে যদিও ঠিকাদাৰ হাজৰিকাই সেইবোৰ একোৱেই কৰি দিয়া নাই। ফলত ৰাইজে একাঠু, একঁকালপৰ্যন্ত পানীত নামি যাতায়ত কৰিব লগা হৈছে গড়কাপ্তানী পথটোৰে৷
তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে তথ্য ফলকত উল্লেখ কৰা এই পথটোৰ প্ৰাক্ কলন অনুসৰি পথটো পকীকৈ নিৰ্মাণ কৰিব লাগিছিল যদিও গড়কাপ্টানী বিভাগৰ অভিযন্তা-বিষয়াৰে মিলি ঠিকাদাৰ কুলেন হাজৰিকাই এম জি এনৰেগা আঁচনিৰ পথ নিৰ্মাণত ব্যৱহাৰ কৰা চিচি ব্লক দিহে পথ নিৰ্মাণ কৰে৷
উল্লেখ্য যে ঠিকাদাৰে আলকতৰা, শিলগুটি দিয়া পকী পথৰ বিপৰীতে চিচি ব্লকৰ পথ নিৰ্মাণ কৰাৰ লগতে সাংসদ-বিধায়কে শুভাৰম্ভ কৰা তথ্যফলক আৰু ঠিকাদাৰে লগোৱা তথ্যফলক দুইখনতে পথটো নিৰ্মাণৰ বাবদ আবন্টন দিয়া পুঁজিৰ পৰিমাণ বেলেগ বেলেগকৈ লিখা থকাৰ বিষয়টো গড়পৰাবাসী ৰাইজৰ বাবে এক নবুজা সাঁথৰ হৈ পৰিছে।
সেয়ে পথটোৰ নিৰ্মাণত সংঘটিত অনিয়ম-দুৰ্নীতি সন্দৰ্ভত ৰাইজে প্ৰশাসনৰ তদন্তৰ দাবী জনাইছে।