Local, Vocal, Global

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, কিদৰে আগবাঢ়িছে তদন্ত, কি আছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত

*সুশান্ত সিং ৰাজপুতৰ ঘৰত মুম্বাই আৰক্ষী।

*পিতৃ ৰাওনা মুম্বাইলৈ।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ৰ পিছৰে পৰা দেশজুৰি শোকৰ বন্যা অব্যাহত। আজি মুম্বাইত সম্পন্ন হ’ব প্ৰচুৰ প্ৰতিশ্ৰুতিবান অভিনেতা জনৰ অন্তিম সংস্কাৰ। তাৰ বাবে পাটনাৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে অভিনেতাজনৰ শোক বিহ্বল পিতৃ। সুশান্ত ৰ পাৰ্থিৱ শৰীৰ দেওবাৰে সন্ধিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছিল মুম্বাইৰ কাপূৰ হাস্পাতাললৈ নিয়া হৈছিল। আৰু তাৰ পিছত আজি পুৱা মৰণোত্তৰ পৰীক্ষা কক্ষৰ সন্মুখত মৃতদেহ ছমজি লোৱাৰ বাবে পৰিয়ালৰ হৈ প্ৰথমেই উপস্থিত হয়গৈ সম্পৰ্কীয় ভ্ৰাতৃ সন্দিপ সিং।
ইফালে মুম্বাইৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এই আত্মহত্যাৰ ঘটনাৰ তদন্ত। আৰক্ষীয়ে প্ৰথমেই ভাষ্য ল’ব সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰবৰ্তী আৰু বন্ধু মহেশ চেত্তিৰ। মহেশ চেত্তিৰ সৈতেই অন্তিম বাৰৰ বাবে ফোন যোগে কথা পাতিছিল সুশান্ত সিং ৰাজপুতে। মুম্বাই আৰক্ষীৰ ডি চি পি অভিষেক নামৰ বিষয়া এজনে সুশান্তৰ বান্দ্ৰাৰ ঘৰলৈ গৈ তদন্ত আৰম্ভ কৰাৰ সময়ত লগ পাইছে অভিনেতা জনৰ ভনীয়েক আৰু ঘৰত বন কৰা এজন লগুৱাক। ইতিমধ্যেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদন বান্দ্ৰা আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে। তিনিজন চিকিৎসকে কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে নিশ্চিত কৰিছে ডিঙিত চিপজৰী লগাই ওলমি দিয়াৰ বাবেই অভিনেতা জনৰ মৃত্যু হোৱা বুলি।