Local, Vocal, Global

কৰ’নাৰ প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষা সম্পন্ন

মানৱ দেহত কৰ’নাৰ প্ৰতিষেধকৰ পৰীক্ষা হৈ গ’ল৷ মানৱ দেহত কৰ’নাৰ প্ৰতিষেধকৰ পৰীক্ষা সম্পূর্ণ কৰিলে ৰাছিয়াই৷ আৰু ৰাছিয়াই হ’লগৈ ক’ভিড ১৯ প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ কৰা প্ৰথমখন দেশ৷ ৰাছিয়াৰ চেছেনভ বিশ্ববিদ্যায়লৰ গৱেষকৰ দলে অৰ্জন কৰিলে এই কৃতিত্ব৷ যিসকল ব্যক্তিৰ দেহত কৰ’নাৰ প্ৰতিষেধক প্ৰয়োগ কৰা হ’ল তেওঁলোকক অচিৰেই যাবলৈ দিয়া হ’ব বুলি জনাইছে গৱেষক দলটোৰ মুৰব্বী এলেনা স্মলিয়াৰচুকে৷ ৰুছিয়ান নিউজ এজেন্সি টাচক এলেনা স্মলিয়াৰচুকে জনায় যে তেওঁলোকৰ গৱেষণা সম্পূৰ্ণ হৈছে আৰু প্ৰতিষেধকবিধ নিৰাপদ বুলি প্ৰতিপন্ন হৈছে৷ প্ৰতিষেধক গ্ৰহণ কৰা স্বেচ্ছাসেৱকসকলক ১৫ আৰু ২০ জুলাইত যাবলৈ দিয়া হ’ব৷ অৱশ্যে এই প্ৰতিষেধক বাণিজ্যিক উৎপাদনৰ পর্যায় কেতিয়া পাব সেয়া বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰা নাই৷

চেছেনভ বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰত ১৮ জন আৰু দ্বিতীয় বাৰত ২০ জন স্বেচ্ছাসেৱকক প্ৰতিষেধকবিধ প্ৰদান কৰা হৈছিল৷ তাৰপাছত তেওঁলোকক ২৮ দিনৰ বাবে আইচলেশ্বনত ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷