Local, Vocal, Global

মনত আছেনে অভিশপ্ত ৫ ছেপ্তম্বৰৰ কথা!

অভিশপ্ত ৫ ছেপ্তম্বৰ! উত্তৰ গুৱাহাটীৰ বাবে অভিশপ্ত ৫ ছেপ্তম্বৰৰ দিনটো। ২০১৮ চনৰ পৰাই ৫ ছেপ্তম্বৰৰ দিনটো উত্তৰ গুৱাহাটীৰ বাবে পৰিচিত হৈছে অভিশপ্ত হিচাপে। ২০১৮ চনৰ আজিৰ দিনটোতে ভৰা লুইতৰ বকুত সংঘটিত হৈছিল ভয়ংকৰ নাওঁ দুৰ্ঘটনা। শোকাৱহ নাওঁ দুৰ্ঘটনাত কৰুণ মৃত্যক সাৱটিচিল ৩গৰাকীকৈ মেধাৱীয়ে ছাত্ৰ-ছাত্ৰীয়ে।

ব্ৰহ্মপুত্ৰৰ মাজত থকা জাইকাৰ প্ৰকল্পৰ খুঁটা খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল শোকাৱহ নাওঁ দুৰ্ঘটনাটো। শোকাৱহ নাওঁ দুৰ্ঘটনাই অমানিশা নমাই আনিছিল বহুতোৰ জীৱনলৈ। কিন্তু আজিলৈকে সেই শোকাৱহ নাওঁ দুৰ্ঘটনাৰ নহ’ল কোনো উচিত তদন্ত।

চৰকাৰ-প্ৰশাসনে পাহৰি গলেও বকুত এটুকুৰা কেঁচা ঘাঁ লৈ জীয়াই আছে দুৰ্ভগীয়া পৰিয়াল সমুহে। বিগতে ২টা বছৰে উত্তৰ গুৱাহাটীবাসীয়ে আজিৰ দিনটো পালন কৰি আহিছে ক’লা দিৱস হিচাপে।