কেঁচা চাহপাতৰ মূল্য বৃদ্ধিয়ে হাঁহি বিৰিঙাইছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখত

বৃদ্ধি পাইছে কেঁচা চাহপাতৰ মূল্য। হাঁহি বিৰিঙিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখত। বিগত সময়চোৱাত কেঁচা চাহ পাতৰ মূল্য যথেষ্ট কম হোৱাৰ পৰিণতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। বিগত সময়চোৱাত কেঁচা চাহপাতৰ মূল্য বৃদ্ধিৰ বাবে হৈছিল প্ৰতিবাদ, কুইণ্টলে কুইণ্টলে কেঁচা চাহপাত পেলাই দিছিল ক্ষুদ্ৰ চাহ খেতিয়ক সকলে। কিন্তু সম্প্ৰতি এই অৱস্থাৰ পৰিবৰ্তন ঘটিছে। বিগত বৰ্ষৰ এই সময়চোৱাত প্ৰতি কেজি চাহপাতৰ মূল্য ১৫-১৬ টকাৰ বিপৰীতে বৰ্তমান ৪০-৪২ টকাকৈ পাবলৈ সক্ষম হৈছে। কেঁচা চাহপাতৰ এই মূল্যই কলিয়াবৰৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কক আনন্দিত কৰি তুলিছে। কেঁচা চাহপাত দাম পুনৰ নিম্নগামী যাতে নহয় তাৰবাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে চাহ খেতিয়ক সকলে।