আন্তঃপ্ৰজাতিৰ যুঁজত ঢেঁকীয়াপতীয়া বাঘৰ কৰুণ মৃত্যু
আন্তঃপ্ৰজাতিৰ যুঁজত ঢেঁকীয়াপতীয়া বাঘৰ কৰুণ মৃত্যু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃপ্ৰজাতিৰ যুঁজত কৰুণ মৃত্যুক সাৱতিলে এটি ঢেঁকীয়াপতীয়া বাঘে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ টেটেলিগুৰি বন শিৱিৰ এলেকাত পাৰস্পৰিক যুজঁত মৃত্যু এটা বাঘ আৰু এটা বন গাহৰিৰ। প্ৰায় এসপ্তাহ পুৰ্বে এটা মতা বনৰীয়া গাহৰিৰ লগত হোৱা যুঁজৰ ফলত মতা বাঘটোৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা এইটো প্ৰথম ঘটনা। পুৰ্বতে পবিতৰা, ওৰাং আদিত এনে ঘটনা সংঘটিত হৈছিল যদিও কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা ঘটনা এইটোৱে প্ৰথম। প্ৰায় এসপ্তাহ পুৰ্বে মৃত্যু হোৱা বাঘ আৰু গাহৰিৰ উৱঁলি যোৱা মৃত দেহটো টেটেলিগুৰিৰ বন শিবিৰৰ বন কৰ্মীয়ে আজি উদ্ধাৰ কৰে। আনহাতে, পশু চিকিৎসকে বাঘ আৰু গাহৰিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে পৰীক্ষাৰ বাবে মৃত বাঘটোৰ নমুনা সংগ্ৰহ কৰে। ইফালে, ৰাষ্ট্ৰীয় ব্যাঘ্র প্ৰাধিকৰণৰ নীতি অনুসৰি মৃত বাঘটোৰ শ দাহ কৰে বন বিভাগে।