Local, Vocal, Global

কোন দেশৰ নাগৰিকক নাকান্দিলে দিয়া হয় শাস্তি?

এখন দেশত শাসকে নাগৰিকক কান্দিবলৈ অর্থাৎ চকুলো টুকিবলৈ বাধ্য কৰোৱাৰ কথা ক’ৰবাত শুনিছে নে? হয়, বাস্তৱত এই বিশ্বতে এনে এখন দেশ আছে য’ত প্রতি বছৰে বিশেষ দিনত শাসকৰ নিৰ্দেশত  সকলো নাগৰিকে ৰাজহুৱাভাৱে চকুলো টুকিব লাগে। শাসকৰ নির্দেশ অমান্য কৰি যদি কোনো নাগৰিকে চকুলো টোকাৰ পৰা বিৰত থাকে তেন্তে দিয়া হয় কঠোৰ শাস্তি। শুনিবলৈ আচহুৱা যেন লাগিলেও সত্য, উত্তৰ কোৰিয়াত এই আজৱ নিয়ম চলি আহিছে।

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন বিশ্বৰ অন্যতম এজন স্বেচ্ছাচাৰী শাসক হিচাপে পৰিচিত। কিমৰ দেশত বহুত আজৱ নিয়ম-নীতি আছে। দেশৰ সকলো নাগৰিকে এইবোৰ নিয়ম মানি চলিব লাগে। উত্তৰ কোৰিয়াত দুটা নির্দিষ্ট দিনত দেশবাসীয়ে চকুলো টোকা বাধ্যতামূলক। কেৱল কান্দিলেই নহ’ব, হিয়া ঢাকুৰি কান্দিব লাগিব। ২০১১ত উত্তৰ কোৰিয়াৰ শাসকৰ দায়িত্ব গ্রহণ কৰিছিল কিম জং উনে। পিতৃ কিম জং ইলৰ মৃত্যুৰ পাছত দেশৰ ক্ষমতা দখল কৰা কিম জং উনে উত্তৰ কোৰিয়াত কিছুমান আজৱ নিয়ম-নীতি প্ৰৱৰ্তন কৰি আহিছে। এনে এটা নিয়ম হৈছে দেশবাসীয়ে নির্দিষ্ট দিনত প্রয়াত ৰাষ্ট্রনেতাজনক সুঁৱৰি চকুলো টুকিব লাগে। কিমৰ ককাক কিম দ্বিতীয় ছুংগক উত্তৰ কোৰিয়াৰ প্রতিষ্ঠাপক আৰু প্রথম নেতা হিচাপে জনা যায়। উত্তৰ কোৰিয়াৰ প্ৰতিটো বাসগৃহত কিমৰ পিতৃ আৰু ককাকৰ ফটোগ্রাফ আঁৰি ৰখাটো বাধ্যতামূলক। কিমৰ পিতৃ কিম জং ইল আৰু ককাক কিম দ্বিতীয় ছুংগৰ মৃত্যু বার্ষিকী দিনা উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰা হয়। এই সভাত উত্তৰ কোৰিয়াবাসীয়ে অংশ লৈ হিয়া ঢাকুৰি কান্দিব লাগে। এইদৰে দেশবাসীয়ে কান্দি কিম পৰিয়ালৰ প্রতি আস্থা প্রদর্শন কৰিব লাগে। শিশু, বৃদ্ধ, যুৱ প্রজন্ম সকলোৱে এইদৰে শোকসভাত চিঞৰি চিঞৰি চকুলো টোকাতো বাধ্যতামূলক।