Local, Vocal, Global

আপোনাৰ কৰ’না হৈ গ’ল নেকি? পৰীক্ষা নকৰাকৈ জনাৰ ৫ লক্ষণ

বিগত সময়ছোৱাত জ্বৰ-কাঁহ বা কৰ’নাৰ লক্ষণৰ দৰে কোনো লক্ষণত ভুগি অসুস্থ হৈছিল নেকি আপুনি? পৰীক্ষা নকৰাকৈয়ে কৰ’না সদৃশ লক্ষণযুক্ত অসুস্থতাত ভোগা বহুতৰে হয়তো কৰ’না হৈ গ’ল। বহুতেই আকৌ সকলো লক্ষণ দেখিও ঘৰতে কোৱাৰেণ্টাইনত থাকিল যদিও চিকিৎসকৰ ওচৰ নাচাপিল। এতিয়াও তেনে ঘটনা ঘটিয়েই আছে। সেইসকলে কেনেকৈ জানিব যে তেওঁলোক কৰ’নাত আক্ৰান্ত হৈছিল নে নাই? তেনে লোকৰ বাবে বিশেষজ্ঞসকলে ৫টা বিশেষ লক্ষণৰ কথা কৈছে। এনালছ অব ক্লিনিকেল এণ্ড ট্ৰেন্সলেচনেল নিউৰ’লজী নামে এখন জাৰ্ণালত প্ৰকাশিত এক ৰিপ’ৰ্টত সন্নিৱিষ্ট হৈছে এই তথ্য। ৪১২জন কৰ’না আক্ৰান্তক লৈ কৰা পৰীক্ষাত ৮২শতাংশৰ দেহত কৰ’না চিকিৎসা হৈ আৰোগ্য লাভৰ পিছতো বিশেষ ৫টা নিউৰ’লজিকেল লক্ষণ ধৰা পেলাইছে। সেইবোৰ হ’ল-

১। মাংসপেশীৰ বিষ : পৰীক্ষাত অংশগ্ৰহণ কৰা ৪৪.৮ শতাংশ ক্ষেত্ৰত ক’ভিড হৈ যোৱাৰ পিছতো মাংসপেশীৰ বিষ থাকি গৈছিল। গতিকে পৰীক্ষা অবিহনে কৰ’নাৰ লক্ষণত ভোগাসকলৰ শৰীৰৰ মাংসপেশী বিষ থাকিলে কৰ’না হৈ যোৱা বুলি ভবাৰ অৱকাশ আছে।

২। মূৰৰ বিষ : মূৰৰ বিষো কৰ’নাৰ এটা লক্ষণ। যদিহে অসহ্যকৰ বা সহ্য সীমাৰ ভিতৰত হ’লেও মূৰৰ বিষত ভুগি আছে তেন্তে আপোনাৰ কৰ’না হৈ যোৱা বুলি ভাবিব পাৰে।

৩। চকুৰ বিষ : দীঘলীয়া সময় ধৰি ঘৰৰ পৰা কাম কৰি থকা বা কম্পিউটাৰ, ম’বাইল চাই থকা বাবে আপোনাৰ চকু বিষোৱা যেন অনুভৱ কৰিছে নেকি? হ’বও পাৰে, নহ’বও পাৰে। যদিহে আপোনাৰ শৰীৰত কৰ’না সদৃশ আন লক্ষণ ধৰা পৰিছিল তেন্তে শেহতীয়াকৈ হৈ থকা চকুৰ বিষ কৰ’নাৰ বাবেই হোৱা বুলি ধৰিব পাৰি।

৪। গোন্ধ আৰু সোৱাদ  নোপোৱা : গোন্ধ আৰু সোৱাদ অনুভৱ কৰিব নোৱৰাটো কৰ’নাৰ এটা বিশেষ লক্ষণ। কিন্তু কেৱল এই লক্ষণৰ দ্বাৰাই কৰ’না হোৱা-নোহোৱাটো নিশ্চিত কৰিব নোৱাৰি। বহুতৰে বাবে দীঘলীয়া সময় ধৰি গোন্ধ আৰু সোৱাদ নোপোৱাটো কৰ’নাৰে লক্ষণ বুলি ধৰিব পাৰি।

৫। মগজুৱে কাম নকৰাৰ দৰে লগা : ক’ভিড-১৯ত আক্ৰান্তৰ ক্ষেত্ৰত এইটো বিৰল লক্ষণ যদিও বহুতেই কৰ’নাত আক্ৰান্ত হ’লে মগজুৱে কাম নকৰাৰ দৰে অনুভৱ কৰে। মানসিক এনে খেলেমেলি কৰ’নাত আক্ৰান্ত হোৱাৰ আন এক লক্ষণ হ’ব পাৰে।

(এই প্ৰতিবেদন কেৱল তথ্য অৱগতকৰণৰ উদ্দেশ্যেহ লিখা হৈছে, এয়া কোনো পেছাদাৰী উপদেশ, ৰোগ নিৰ্ণয় বা চিকিৎসা সম্পৰ্কীয় উদ্দেশ্যযুক্ত নহয়।)