Local, Vocal, Global

বাঢ়নী পানী চাবলৈ গৈ সন্ধানহীন কিশোৰ

ৰূপহীহাটৰ জুৰীয়াত বানপানী চাবলৈ গৈ সন্ধানহীন এটি কিশোৰ । বাঢ়নী পানী চাবলৈ গৈ মঠাউৰিৰ পৰা পৰি সন্ধানহীন কিশোৰ ৷ পলকতে পানীৰ সোঁতে উটুৱাই লৈ যায় কিশোৰগৰাকীক । ইতিমধ্যে ঘটনাস্থলীত জুৰীয়া আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ যন্ত্ৰ চালিত নাৱেৰে সন্ধান আৰম্ভ কৰিছে । সন্ধানহীন কিশোৰটি জুৰীয়া কছাৰীগাঁৱৰ জাকাৰীয়া হক বুলি জানিব পৰা গৈছে ৷ লাওখোৱা অভয়াৰণ্যৰ কঠালগুটীৰ সমীপৰ মঠাউৰিৰ পৰা বানপানী চাই থকা অৱস্থাত হঠাত পানীত পিছলি পৰে কিশোৰটি ৷ পলকতে পানীত তীব্ৰ সোঁতে উঠুৱাই লৈ যায় কিশোৰটিক ৷ লগে লগে স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বৰ্তমানলৈ কিশোৰটিৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।