Local, Vocal, Global

লকডাউনৰ পুৰ্বে বজাৰত মূল্যবৃদ্ধিৰ জুই

লকডাউন বলৱৎ হোৱাৰ পূৰ্বে মহানগৰীৰ মাছৰ বজাৰত আকাশলংঘী ভাৱে দামবৃদ্ধি। প্ৰতিকিলো ভকুৱা মাছত ৭০০ টকা,প্ৰতিকিলো মিৰিকা মাছত ৩০০ টকা,চন্দা মাছত ৩০০ টকা,কচ মাছত ২৫০ টকা,ভাঙোন মাছত ২৫০ টকাকৈ বিক্ৰী কৰিছে গ্ৰাহকক। এক কথাত ঠাই বিশেষে নিজ ইচ্ছা মতে দাম নিৰ্ধাৰণ কৰিছে বিক্ৰেতাই। লকডাউনৰ পৰিপ্ৰেক্ষিতত মাছৰ অভাৱ হোৱাৰ অযুহাত দেখুৱাই এচাম অসাধু ব্যৱসায়ীয়ে লুটিছে গ্ৰাহকক। কিন্তু এই সমগ্ৰ কাৰ্যক নিয়ন্ত্ৰণৰ বাবে তৎপৰ নাইহোৱা চৰকাৰ-প্ৰশাসনৰ কোনো এটা সংশ্লিষ্ট বিভাগৰ ।