Local, Vocal, Global

কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি নহয় গান্ধী পৰিয়ালৰ কোনো সদস্য

নিউজ ডেস্ক : কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? দেশত ক্ৰমাণ্বয়ে তীব্ৰ হৈ পৰিছে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ বাবে নিৰ্বাচনৰ যুঁজ।

দেশত কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ চলি থকা বাদ-বিতন্ডাৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এক বিশেষ তথ্য।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে গান্ধী পৰিয়ালৰ কোনো ব্যক্তি দলৰ পৰৱৰ্তী সভাপতি হ’ব নালাগে।

বৰ্তমান, অশোক গেহলট আৰু দলৰ সাংসদ শশী থাৰুৰক আগন্তুক নিৰ্বাচনৰ সম্ভাৱ্য প্ৰতিদ্বন্দী হিচাপে পৰিলক্ষিত হৈছে।

অৱশ্যে, সমগ্ৰ দেশৰ কংগ্ৰেছ সমিতিসমূহে বৈঠক অনুষ্ঠিত কৰি গৃহীত কৰা প্ৰস্তাৱ অনুসৰি আগন্তুক কংগ্ৰেছ সভাপতি হিচাপে পিচিচি আৰু এআইচিচি সদস্য নিযুক্ত কৰিব।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ পাছত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল৷ তেতিয়াৰ পৰা তেওঁ তেওঁৰ দলৰ সদস্যসকলৰ দ্বাৰা কৰা প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰি আহিছে।

উল্লেখ্য যে, কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব। আনহাতে ভোট গণনা ১৯ অক্টোবৰত হ’ব।