Local, Vocal, Global

ব্ৰহ্মতালুত খোঁট অমিত শ্বাহৰ! দেশত PFIৰ ভয়ংকৰ নেটৱৰ্ক

নিউজ ডেস্ক : দেশত PFI-এ ভয়ংকৰ নেটৱৰ্ক পেলাইছে৷ দেশত PFIৰ ভয়ংকৰ নেটৱৰ্ক সন্ত্ৰাসবাদীৰ হৈ কৰিছে কাম৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘ সময় নজৰত ৰখাৰ পাছতে

আজি পুৱাৰে দেশজুৰি ইছলামিক সংগঠন ‘Popular Front of India আৰু এছডিপিআইৰ বিৰুদ্ধে অভিযান চলে৷ পিএফআইৰ নেতাৰ ঘৰত তথা কাৰ্যালয়ত মাৰাথন অভিযান চলাইছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই৷ পাকিস্তানৰ সৈতে সংযোগ তথা ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰি অহাৰ অভিযোগত পুৱতি নিশাৰে পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই দেশৰ ১৩ খন ৰাজ্যত পিএফআই আৰু এছডিপিআইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই অভিযান অসমতো চলে৷ অসমত এই পৰ্যন্ত ৫ জনক লোকক পিএফআইৰ সৈতে জড়িত থকাৰ অভিযেগাত গ্ৰেপ্তাৰ কৰা হৈছে৷ সমগ্ৰ দেশৰ মুঠ প্ৰায় ১১০ জন পিএফআই নেতাক গ্ৰেপ্তাৰ কৰা হৈছে৷

নগৰবেৰাৰ পৰা নিশা NIA PFI নেতা আব্দুল ৰেজ্জাক, নজৰুল ইছলাম ভূঞা, পুপুলাৰ ফ্ৰন্টৰ অসম ৰাজ্যিক সম্পাদক ৰবিউল হুছাইন, পুপুলাৰ ফ্ৰন্টৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলামসহ চাৰিজনক আটক কৰে৷ গুৱাহাটীৰ হাতীগাঁৱত থকা পিএফআইৰ কাৰ্যালয়ত তালাচী চলাই নিয়াই আমিনুল হক নামৰ পিএফআইৰ নেতাজনক গ্ৰেপ্তাৰ কৰিছে।

অসমৰ চাৰি নেতাক গ্ৰেপ্তাৰৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ গ্ৰেপ্তাৰৰ কাৰণ বিচাৰি নগৰবেৰাৰ আৰক্ষী থানা ঘেৰাও কৰি বিনাচৰ্তে এওঁলোকৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

ইপিনে এনআইএ আৰু এছটিএফে উত্তৰ প্ৰদেশৰ বাহৰাইচত অভিযান চলাই৷ জাৰৱাল চহৰৰ বাসিন্দা কামাৰুদ্দিনক গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদীৰ বাবে পুঁজি সংগ্ৰহৰ গোচৰত কামাৰুদ্দিনক গ্ৰেপ্তাৰ কৰা হয়৷

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত নাদিম বুলি চিনাক্ত কৰা পিএফআইৰ প্ৰাক্তন কোষাধ্যক্ষজনক গ্ৰেপ্তাৰ কৰা হয়। চিএএ বিৰোধী আৰু এন আৰ চি প্ৰতিবাদৰ সময়তো নাদিমৰ নাম ওলাইছিল। বাৰাণসীত দুগৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হয়৷ লক্ষ্ণৌত দুজনক গ্ৰেপ্তাৰ কৰা হয়৷ তেলেংগানাৰ হায়দৰাবাদত দুজনক গ্ৰেপ্তাৰ কৰা হয়৷ মহাৰাষ্ট্ৰত ২০ জনক গ্ৰেপ্তাৰ কৰা হয়৷ কেৰেলাৰ মান্নাপুৰম, কান্নুৰত দুজনক গ্ৰেপ্তাৰ কৰা হয়৷ বাংগাৰুলুত দুজনক গ্ৰেপ্তাৰ৷ জয়পুৰৰ কাৰ্যালয়তো অভিযান চলে৷

আনহাতে এই অভিযানত আৰএছএছৰ দুৰ্বলতা প্ৰদৰ্শন কৰা বুলি কয় পিএফআয়ে। ধৰ্মনিৰপেক্ষতাক অস্বীকাৰ কৰি জনসাধাৰণৰ ওপৰত ফেচিষ্ট কাৰ্যসূচী জাপি দিয়াৰ লগতে আৰ এছ এছ আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ ধাৰণা জাপি দিবলৈ চেষ্টা কৰিছে বুলি কয়। চৰম হিন্দু ৰাষ্ট্ৰত বিশ্বাস কৰে বুলি কয় পিএফআয়ে৷ ত্ৰিচুৰত এছডিপিআই নেতাৰ বাসগৃহত অভিযান চলোৱা হৈছিল।

অভিযানৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন ডিজিপি ব্ৰিজলালে কয় যে পিএফআই হৈছে এক বিপদজনক সংগঠন৷ যি দেশৰ ১০ খনতকৈও অধিক ৰাজ্যত সক্ৰিয় আৰু তেওঁলোক প্ৰত্যক্ষভাৱে পাকিস্তানৰ সৈতে সম্পৰ্কিত। ইণ্ডিয়ান মুজাহিদীনৰ সৈতে তেওঁলোকৰ পোনপটীয়া সম্পৰ্ক আছে৷ যি সমগ্ৰ দেশত হোৱা বহুতো ডাঙৰ বিস্ফোৰণৰ বাবে দায়বদ্ধ৷ যিবোৰ সন্ত্ৰাসবাদী পুঁজিৰ জৰিয়তে দেশত বিয়পি আছে। পিএফআইয়ে আৰৱ আৰু উপসাগৰীয় দেশসমূহৰ পৰা ধন লাভ কৰে।

নিয়াই আজি পুৱা ৩.৩০ বজাৰ পৰা অসম, কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী ৰাজস্থানত এই অভিযান চলায়।

অধিবক্তা জেঠমালানীয়ে লগতে কাপ্পান নামৰ সাংবাদিকজনৰ সন্ত্ৰাসবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সৈতে জড়িত বুলি দাবী কৰি জামিনৰ বিৰোধিতা কৰিছিল।

জেঠমালানীৰ এই দাবীৰ পিছতে বিচাৰপীঠে কাপ্পানৰ বিৰুদ্ধে থকা এই অভিযোগৰ কোনো নিৰ্দিষ্ট প্ৰমাণ আছে নেকি বুলি প্ৰশ্ন কৰে। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে এই বিষয়ত কোনো প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হয়।

উল্লেখ্য যে ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত সংঘটিত হৈছিল এক নৃশংস দলবদ্ধ ধৰ্ষণকাণ্ড। চাৰিজন ব্যক্তিয়ে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।

এই ঘটনাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ দিল্লী গোটৰ সম্পাদক কাপ্পানক আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।