মাস্ক নিপিন্ধে নেকি? তেন্তে ঝাড়ু দিব লাগিব আপুনি

কোভিড ১৯ ৰ বিৰুদ্ধে যুঁজত অন্যতম অস্ত্ৰ হল মাস্ক। চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো একাংশ লোকে এতিয়াও মাস্ক পিন্ধিবলৈ টান পায়। আনকি ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে জৰিমনাৰ ব্যৱস্থা কৰাৰ পাছতো বহুতেই মাস্ক নিপিন্ধে । ইফালে জৰিমনা দিবলৈ হাতত ধন নথকাৰ অজুহাত দিয়ে এচাম লোকে। উপায়ন্তৰ হৈ এতিয়া মুম্বাইৰ পৌৰ নিগমে ঘোষনা কৰিছে এক ব্যতিক্ৰমী শাস্তিৰ ব্যৱস্থা। মুম্বাইত ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে ২০০ টকা জৰিমনা ভৰিব লাগে। এতিয়াৰে পৰা যিসকল লোকে ২০০ টকাৰ জৰিমনা দিব নোখোজে তেওঁলোকে ৰাজপথত ঝাড়ু দিব লাগিব। গতিকে মুম্বাইত মাস্ক নিপিন্ধাকৈ ৰাজহুৱা স্থানত ধৰা পৰিলে হয় ২০০ টকা দিব লাগিব নহয় হাতত তুলি লব লাগিব ঝাড়ু । অলপ সময়ৰ শাস্তিও নহয়, মাস্ক নিপিন্ধা লোকে মুম্বাইত এঘন্টা ধৰি ৰাজপথ ছাফা কৰিব লাগিব। ইতিমধ্যে মাস্ক নিপিন্ধি ধৰা পৰা বহুতেই ধৰিব লগা হৈছে ঝাড়ু। একেদৰে ৰাজপথত থু-খেকাৰ পেলালেও অনুৰুপ শাস্তিৰ ব্যৱস্থা কৰিছে BMCয়ে । যদিহে কোনোবাই জৰিমনাও নিদিয়ে, ঝাড়ুও দিব নোখোজে তেন্তে তেওঁলোকক চমজাই দিয়া হয় আৰক্ষীক।