ৰাজ্যৰ পৰবৰ্তী মুখ্য সচিব জিষ্ণু বৰুৱা
ৰাজ্যৰ পৰবৰ্তী মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা। শনিবাৰে অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। ৩ জনীয়া জ্যেষ্ঠ IAS বিষয়াৰ পেনেলৰ পৰা মনোনীত কৰা হয় ১৯৮৮ চনৰ অসম-মেঘালয়ৰ কেদাৰৰ জ্যেষ্ঠ বিষয়া বৰুৱাক৷ বর্তমান ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাবে কার্যনির্বাহ কৰি থকা বৰুৱা গৃহ, ৰাজনীতিকে ধৰি একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে৷ বর্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ শনিবাৰে অৱসৰ গ্ৰহণ কৰিব৷ তেওঁৰ স্থানত কোন ৰাজ্যৰ মুখ্য সচিব হ’ব সেই লৈ ব্যাপক জল্পনা-কল্পনা চলি আছিল৷ সঞ্জয় কৃষ্ণৰ কার্য্যকাল বৃদ্ধিৰ চিন্তা-চর্চাও চলিছিল৷ কিন্তু তেওঁৰ ভাতৃ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৎ কৃষ্ণ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱাৰ পাছত এই সম্ভাৱনা নোহোৱা হয়৷ পৰৱর্ত্তী মুখ্য সচিব বাচনিৰ বাবে জিষ্ণু বৰুৱা, ৰবি কাপুৰ আৰু এছ ভাস্কৰক লৈ ৩ জনীয়া পেনেল প্ৰস্তুত কৰা হৈছিল৷ সেই পেনেলৰ পৰাই বাচনিত উঠিল দক্ষ আৰু সৎ বিষয়া হিচাপে সুনাম থকা জিষ্ণু বৰুৱা৷ বৰুৱাই ২০২২ চনৰ ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব৷ শনিবাৰে কুমাৰ কৃষ্ণৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই৷