Local, Vocal, Global

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা

আজি লক্ষ্মী পূজা। ধন-ঐশ্চৰ্যৰ দেৱী লক্ষ্মীক আৰাধনা। কৰ’না আতংকৰ মাজত অনুষ্টুপীয়াকৈ পালন হ’ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি,শৰাই আগবঢ়াই প্রাৰ্থনা  ৰাজ্যবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বজাৰত উভৈনদী হৈ পৰিছে পূজাৰ সামগ্ৰীৰে। কৰ’না ভাইৰাছৰ পৰিস্থিতিয়ে প্ৰাত্যহিক জীৱনৰ গতিপথত আনি দিয়া এক ভয়াৱহ বিপৰ্যৰ পিছত মৃৎ শিল্পীসকলে এক গভীৰ আশা-প্ৰত্যাশাৰে নিৰ্মাণ কৰি উলিয়াইছে শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ দৃষ্টিনন্দন মৃন্ময় মূৰ্তি।
হিন্দু ধর্মৰ মতে লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক সন্তাপ, অপায়-অমংগল দূৰ হয় আৰু সুখ-শান্তিৰে উপচি পৰে।