Local, Vocal, Global

চেন্নাইত আৰম্ভ হৈছে নিভাৰ ঘূৰ্ণি বতাহৰ প্ৰভাৱ

 

 

ক্ৰমে ভয়াৱহ হৈ উঠিছে চেন্নাইকে ধৰি তামিলনাডুৰ কেতবোৰ স্থানত নিভাৰ ঘূৰ্ণি বতাহৰ তাণ্ডৱ৷ দেশৰ বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা ২৬ নৱেম্বৰৰ বিয়লি ২.৩০ বজাপৰ্যন্ত চেন্নাইৰ সাগৰ তীৰ স্পৰ্শ কৰিব এই সাগৰীয় ধুমুহাই৷

Live: तमिलनाडु में Cyclone Nivar की आहट, ट्रेनें-फ्लाइट्स कैंसिल, हेल्पलाइन नंबर जारी - Cyclone Nivar landfall update today tamil nadu Mamallapuram Karaikal Puducherry heavy rain IMD Cyclone Alert ...

তাৰেই পূৰ্বাভাষ দি চেন্নাই আৰু পুডুচেৰীত ইতিমধ্যে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ৷ প্ৰতিঘণ্টাত এই ঘূৰ্ণিৰ গতিবেগ ১২০ কিলোমিটাৰ হ’ব বুলি পূৰ্বানুমান কৰা হৈছে যদিও শেহতীয়াকৈ ১০০-১১০ কিলোমিটাৰলৈ প্ৰতিঘণ্টাত নিভাৰ ঘূৰ্ণিৰ গতিবেগ হ্ৰাস পাইছে৷ প্ৰায় ৬ ঘণ্টাপৰ্যন্ত ঘূৰ্ণি বতাহ জাকৰ তাণ্ডৱ অব্যাহত ৰোৱাৰ পিছত লাহে লাহে বতাহজাকৰ গতিবেগ বহু পৰিমাণে হ্ৰাস পাব বুলি বতৰ বিজ্ঞান বিভাগে ভৱিষ্যৎ বাণী কৰিছে৷ এই ঘূৰ্ণি বতাহৰ সৈতে মোকাবিলা কৰাৰ বাবে তামিলনাডু আৰু পুডুচেৰীৰ চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰী কৰিছে৷