Local, Vocal, Global

অভিশপ্ত ২৬/১১ মুম্বাইৰ আক্ৰমণৰ ১২ বছৰ

২০০৮ চনৰ ২৬/১১ অৰ্থাৎ আজিৰ দিনটোত মায়ানগৰী মুম্বাইত সংঘটিত হয় সমগ্ৰ দেশ কপাঁই যোৱা   ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু হাজাৰতকৈও অধিক লোক আহত হৈছিল এই আক্ৰমণত। সমগ্ৰ দেশ কঁপাই যোৱা ২৬/১১ মুম্বাই সন্ত্ৰসবাদী আক্ৰমণৰ ঘটনাই আজি ১২ বছৰ অতিক্ৰম কৰিলে। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ চকুত ধূলি পাকিস্তানৰ পৰি অহা ১০ জনীয়া সন্তাসবাদী দলটোৱে মুম্বাইত চলাইছিল আক্ৰমণ। মুম্বাইৰ বিখ্যাত তাজ হোটেলত মাৰণাস্ত্ৰৰে পাকিস্তানী সন্ত্ৰসবাদী দলটোৱে নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰে গুলিছালনা কৰিছিল । মুম্বাই চহৰত হোৱা এই আকস্মিক সন্ত্ৰসবাদী আক্ৰমনে সমগ্ৰ চহৰ খনক স্তব্ধ

কৰি তুলিছিল। মুম্বাই আৰক্ষী, ৰাষ্ট্রীয় সুৰক্ষা বাহিনীৰ জোৱান আৰু কামাণ্ডোৰ সাহস , আত্মবলিদানৰে দীৰ্ঘ সময়যোৰা সংঘৰ্ষৰ অন্তত সন্ত্ৰসবাদী সকলক দমন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। ১০ জনীয়া দলৰ বাকী কেইজন সন্ত্ৰসবাদী নিহত হয় একমাত্ৰ জীৱন্ত ভাবে কৰায়ত্ত কৰা হয় আজমল কাছভক আৰু পৰৱৰ্তী সময়ত ফাঁচী দিয়া হয় দুধৰ্ষ সন্ত্ৰসবাদীজনক।

কিন্তু এতিয়াও এই ঘটনাৰ মাষ্টাৰ মাইণ্ড  হাফিজ ছদিয়ে নির্বিঘে আশ্ৰয় লাভ কৰি আছে পাকিস্তানত।

২৬/১১ ৰ আক্ৰমণৰ পিছত ভাৰতৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয় । হঠাৎ হব পৰা আক্ৰমণৰ লগত মোকাবিলা কৰিবলৈ দেশৰ ডাঙৰ ডাঙৰ চহৰত  গঠন কৰা হয়  বিশেষ NSG ৰ গোট।  পাকিস্তানী সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ গৈ শ্বহীদ হল  সুদক্ষ আৰক্ষী অফিচাৰ হেমন্ত চৰকাৰে ধৰি আৰু বহু কেইজন। ভাৰতক অস্থিৰ কৰি তোলাৰ লক্ষ্যৰে পাকিস্তাৰ মাটিত চলিছিল মুম্বাই আক্ৰমণৰ মাষ্টাৰ প্লেন।  পাকিস্তানৰ পৰা অহা ১০ জনীয়া প্ৰশিক্ষণ প্ৰাপ্ত  সন্ত্ৰসবাদী দলটোৱে কাৰাচী বন্দৰৰ পৰা মুম্বাই উপকূললৈ জাহাজৰে যাত্ৰা কৰিছিল লগত আছিল ভয়ংকৰ আৰু অত্যাধুনিক মাৰণাস্ত্ৰ। মুম্বাই উপকূল পোৱাৰ আগে আগে ছাত্ৰসবাদী দলটোৱে এখন মাছমৰিয়া নাৱত থকা পাঁচজন মাছমৰিয়াক হত্যা কৰি সেই নাৱেৰে মুম্বাইত উপস্থিত হৈছিল। মুম্বাইত উপস্থিত হৈ সন্ত্ৰসবাদী দলটো প্ৰথমে ছত্ৰপতি শিৱাজী ষ্টেচনলৈ যায়  আৰু তাত থকা নিৰীহ জনতাৰ  ওপৰত নিৰ্বিচাৰে গুলি ছালনা কৰিবলৈ লয়। বহু লোকৰ সন্ত্ৰসবাদী আক্ৰমণত প্ৰাণ যায় আৰু বহুতো লোক আহত হয়। ঘটনাৰ খবৰ পায় আৰক্ষীৰ দল ঘটিনাস্থলীত উপস্থিতি হয় যদিও সন্ত্ৰসবাদী দলটো সেই স্থানৰ পৰা আঁতৰি যায়। দ্বিতীয় লক্ষ্য আছিল ন্যাৰিম্যান হাউচ । ন্যাৰিম্যান হাউচত নিৰ্বিচাৰে গুলিছালনা কৰি সন্ত্ৰসবাদী দলটো বেলেগে বেলেগে বিভক্ত হৈ তাজ হোটেল আৰু অৱেৰয় হোটেললৈ গতি কৰে। বাটত সন্ত্ৰসবাদী দলটোক গাড়ীখনক আৰক্ষীয়ে বাধা প্ৰদান কৰোতে কৰ্তব্যৰত আৰক্ষীক গুলিয়াই হত্যা কৰি আৰক্ষীৰ গাড়ী পৰ্যন্ত লৈ যায় সন্ত্ৰসবাদীৰ দলটোৱে। গ্ৰেণেড বিস্ফোৰণ আৰু ধাৰাসাৰ

গুলিচালানাৰে সাধাৰণ জনতাক হত্যা কৰি যায় সন্ত্ৰসবাদী দলটোৱে। ঘটনা নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিল মুম্বাই আৰক্ষীৰ বাবে , ইতিমধ্যে দিল্লীৰ পৰা মুম্বাইত উপস্থিতি হৈছিল বিশেষ ২০০ জনীয়া NSG বাহিনীৰ দল। পৰৱৰ্তী পৰ্যায়ত মুম্বাই আৰক্ষী NSG দলৰ যুটীয়া  অভিযানত উদ্ধাৰ কৰা তাজ আৰু অৱেৰয় হোটেল।  হোটেলত আত্মগোপন কৰি থকা সন্ত্ৰসবাদী সকল নিহত হয়, আৰু জীৱন্তে কৰায়ত্ত কৰা হয় আজমল কাছভক।

মুম্বাইৰ এই সন্ত্ৰসবাদী আক্ৰমণৰ পিছত ভাৰতৰ নিৰাপত্তা বিহীনৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয়। মুম্বাইৰ এই আক্ৰমনত ভাৰতে যুঁজিলে, ভাৰতে শিকিলে কিন্তু ইমানৰ পাছতো সলনি নহল পাকিস্তানৰ স্বভাৱ।