Local, Vocal, Global

কোনে কোনে স্থান পাব নীতিশ কুমাৰৰ কেবিনেটত

আজি সন্ধিয়া সপ্তম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব JD(U) নেতা নিতিশ কুমাৰে। শেহতীয়া বিহাৰ বিধান সভা নিবাৰ্চনৰ প্ৰচাৰ কালত ‘এই নিৰ্বাচনেই মোৰ অন্তিম নিৰ্বাচন’ বুলি ঘোষণা কৰি বিহাৰ বাসীৰ মাজত এক প্ৰকাৰ আবেগৰ সৃষ্টি কৰা নীতিশ কুমাৰক আদৰিবলৈ সজাই পৰাই তোলা হৈছে পাটনাৰ ৰাজ ভৱন । নীতিশ কুমাৰ আৰু তেওঁৰ নতুন মন্ত্ৰী সভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপিস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাদ্দা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। ৰাজ্যপাল ফাগু চৌহানে আজি নীতিশ কুমাৰৰ লগতে গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব উপ মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিৰ কমেও ৭ জন মন্ত্ৰীক। নীতিশ কুমাৰৰ কেবিনেটত বিজেপিৰ পৰা স্থান পাব বুলি চৰ্চাত থকা ৭ বিধায়ক হৈছে ক্ৰমে তাৰকিশোৰ প্ৰসাদ, ৰেণো দেৱী, অমৰেন্দ্ৰ প্ৰতাপ সিং, মংগল পাণ্ডেয়, ৰামসুৰত ৰায়, ৰামপ্ৰিত পাচোৱান আৰু জিবেশ মিশ্ৰ। বিধান সভাৰ অধ্যক্ষ ৰূপে স্থান পাব বিজেপিৰেই নন্দকশোৰ যাদৱে। ইফালে নীতিশ কুমাৰৰ নিজ দল JDU ৰ পৰা বিজয় চৌধুৰী, বিজেন্দ্ৰ যাদৱ, অশোক চৌধুৰি, মেৱালাল চৌধুৰি আৰু শিলা মণ্ডলে স্থান পোৱাটো নিশ্চিত।