Local, Vocal, Global

২০১৪ চনত কাৰ ব্যক্তিগত বিমানেৰে দিল্লীলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী ?

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যেতিয়া ৬টা বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ হাতত গটোৱা পৰিকল্পনা কৰিছিল তেতিয়া কিছু নিয়মৰ সালসলনি কৰি একাংশ কোম্পানীক নিলাম প্ৰক্ৰিয়াত অংশ ল’বলৈ দিলে, যাৰ এই খণ্ডটোত কোনোধৰণৰ অভিজ্ঞতাই নাছিল। এই সিদ্ধান্তৰ সম্পূৰ্ণ সুবিধা আদায় কৰিলে আদানী গ্ৰুপে। পূৰ্বতে বিমানবন্দৰৰ কাম-কাজৰ সৈতে জড়িত নাথাকিলেও আদানী গ্ৰুপে ৬টা বিমানবন্দৰ নিজৰ অধীনলৈ আনিলে। যদিও কেৰালাৰ তিৰুৱন্তপুৰম বিমানবন্দৰ আদানীৰ হাতত গটোৱাক লৈ কেৰালাৰ চৰকাৰে প্ৰতিবাদ কৰিছিল তথাপি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনালে যে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে আদানীয়ে এই সুবিধা লাভ কৰিছে। দেশৰ ব্যক্তিগত এয়াৰপ’ৰ্ট সঞ্চালনা কৰা কোম্পানীৰ ভিতৰত গৌতম আদানীৰ কোম্পানী সৰ্ববৃহৎ। ”দ্য ফাইনেন্সিয়েল টাইমছ”ৰ ৰিপ’ৰ্ট মতে ২০১৪ৰ পিছত দ্ৰুতগতিত সম্পত্তি বৃদ্ধি পোৱা দেশৰ ব্যৱসায়ীৰ ভিতৰত গৌতম আদানী অন্যতম। মুকেশ আম্বানীৰ লেখিয়াকৈ গৌতম আদানীৰো গৃহৰাজ্য গুজৰাট। দুয়োগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল বন্ধু। নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰে পৰা সুসম্পৰ্ক ৰক্ষা কৰি আহিছে দুই ব্যৱসায়ীয়ে। কোৱা হয় ২০১৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া গুজৰাটৰ পৰা দিল্লীলৈ আহিছিল তেতিয়া আদানীৰ ব্যক্তিগত বিমানেৰে তেওঁ যাত্ৰা কৰিছিল। ইয়াৰ পৰাই স্পষ্ট গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠতা কিমান? ফাইনেন্সিয়েল টাইমছৰ ৰিপ’ৰ্টৰ মতে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ২৬ আৰৱ ডলাৰ। ২০১৪ চনৰ পিছত গৌতম আদানীৰ সম্পত্তি বৃদ্ধি পাইছে ২৩০ শতাংশ। ২০০৩ চনৰ পৰাই গৌতম আদানীয়ে সমৰ্থন কৰি আহিছে নৰেন্দ্ৰ মোদীক। যিসময়ত নৰেন্দ্ৰ মোদী দেশজুৰি সমালোচিত হৈছিল তেতিয়া মোদীৰ সমৰ্থনত আছিল গৌতম আদানী। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতেই গৌতম আদানীয়ে উদ্যোগ লৈ ভাইব্ৰেণ্ট গুজৰাট নামৰ বাণিজ্যিক সন্মিলন অনুষ্ঠিত কৰিছিল। বৰ্তমান দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত শীৰ্ষত আছে গৌতম আদানী।