তিনিচুকীয়াৰ বিজেপি নেত্ৰী দীপাঞ্জলী কাকতিক দলৰ পৰা নিলম্বন

তিনিচুকীয়াৰ বিজেপি নেত্ৰী দীপাঞ্জলী কাকতিক দলৰ পৰা নিলম্বন। উল্লেখযোগ্য যে কিছুদিন পূ্ৰ্বে কাকপথাৰ থানাৰ এচ.আই ক চৰিয়াইছিল নেত্ৰী গৰাকীয়ে আৰু এই কথা সৰ্বত্ৰে চৰ্চিত হৈ পৰাৰ পাছতেই ৰঞ্জিত কুমাৰ দাসৰ নিদেৰ্শ মৰ্মে নিলম্বন কৰা হয় দীপাঞ্জলী কাকতিক। ইফালে দীপালঞ্জলী কাকতিয়ে ভয়-ভিতি প্ৰদৰ্শন কৰি চৰকাৰী কামত বাধা প্ৰদান কৰাৰ লগতে অপদস্ত কৰাৰ অভিযোগত নেত্ৰী গৰাকীৰ বিৰুদ্ধে থানাত গোচৰু ৰুজু কৰা হৈছে। ইফালে জনমানসত গলৰ ভাৱ-মূৰ্তি নষ্ট হৈছে বুলিও উল্লেখ কৰে দীপাঞ্জলী কাকতিলৈ প্ৰেৰণ কৰা নিৰ্দেশনা পত্ৰত।
কিন্তু এতিয়া প্ৰশ্ন হয় যে মুখ্য মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বুলি জাহিৰ কৰি ফুৰা এইগৰাকী নেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সক্ষম হ’ব নে?