কিমান শক্তি হ’ব পাৰে এটা বিড়িৰ?

এটা বিড়িৰ বাবে হত্যাৰ বলি হ’ল ভাগিন। মহাকে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিলে ভাগিনক। বাক্সাৰ ভাৰত-ভূটান সীমান্তত নৃশংস হত্যাকাণ্ড। কিমান শক্তি হ’ব পাৰে এটা বিড়িৰ ৷ একাংশই একান্ত মনে বিড়ি হুপি তৃপ্তি পোৱাৰ দৰেই বিড়ীয়ে মানুহৰ জীৱনলৈ অন্ধকাৰো নমাই আনিব পাৰে। আচল কথালৈ আহিছো, ঘটনাটো সোমবাৰৰ। বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং মধুপুৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ১ নং মধুপুৰৰ অঞ্চলৰ ৰঞ্জিত বাৰ্লা নামৰ লোকজনে লোৰেন বিলুঙ নামৰ এজনৰ ঘৰৰ চৌহদতে থকা দোকানলৈ আহিছিল বিড়ি কিনিবলৈ। লোৰেন বিলুঙক সাৱটি ধৰি ৰঞ্জিত বার্লাই এটা বিড়ি বিচাৰে। মদ খাই মাতাল হৈ থকা লুৰেনে তেতিয়াই আঘাট কৰে ৰঞ্জিতক। লগে লগে লোৰেনৰ ঘৰৰ বাৰাণ্ডাতে বাগৰি পৰে ৰঞ্জিত৷ তাৰপিছতেই ব্যাপক ৰক্তক্ষৰণ ঘটাৰ ফলত ৰঞ্জিতৰ মৃত্যু হয়। ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সম্পৰ্কত লোৰেন আৰু ৰঞ্জিত মহাক আৰু ভাগিন। পুৱা গাঁওবুঢ়াই নিকাছী আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশ সহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
সম্প্ৰতি পলাতক হত্যাকাৰী লোৰেন বিলুঙ। এটা বিড়িৰ বাবে নিজ ভাগিননক হত্যা কৰা লোৰেন বিলুঙক অতি শীঘ্ৰে আটক কৰাৰ দাবী তুলিছে পৰিয়ালৰ লোকে।