Local, Vocal, Global

আগদিনা পিতৃৰ মৃত্যু, পিছদিনা IPL ত অপেনিংত নামিল মনদ্বীপ

আগদিনা পিতৃৰ মৃ্ত্যু, আৰু পিছদিনাই পিতৃৰ বিয়োগৰ বেদনা বুকুত লৈ মৰুৰ দেশত চানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে অ’পেনিং বেটচমেন ৰূপে আইপিএলৰ খেলপথাৰত নামিল ক্ৰিকেটাৰ মনদ্বীপ সিং। পিতৃৰ বিয়োগৰ বেদনাৰ মাজতো অদম্য মনোবলক দেখুৱাই খেলপথাৰত প্ৰতিদ্বন্দীতাত নামে কিংছ ইলেভেন পাঞ্জাৱৰ হৈ চলিত আইপিএলত অংশগ্ৰহণ কৰা ২৮ বছৰীয়া ক্ৰিকেটাৰ মনদ্বীপ সিঙে। কিংছ ইলেভেন পাঞ্জাৱৰ নিয়মীয়া অ’পেনাৰ মায়ংক আগৰৱালাৰ আঘাতৰ সমস্যাৰ বাবে অধিনায়ক লোকেশ ৰাহুলৰ সৈতে দৃঢ়তাৰে অ’পেনিং বেটচমেন ৰূপে খেলপথাৰত নামে মনদ্বীপে।

বৃক্ক ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে মনদ্বীপৰ পিতৃ গুৰুদেৱ সিঙে মৃত্যু বৰণ কৰে যদিও ঘৰলৈ যোৱাৰ পৰিৱর্তে মনদ্বীপে দলৰ দায়িত্বক সন্মুখত ৰাখি পাঞ্জাৱৰ হৈ প্ৰতিদ্বন্দিতাত নামে। আনহাতে কিংছ ইলেভেন পাঞ্জাৱৰ খেলুৱৈসকলে হাতত কলা বেজ পৰিধান কৰি মনদ্বীপৰ পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মূল একাশত স্থান লাভ কৰা মনদ্বীপে খেলখনত ১৪ বলৰ সন্মুখীন হৈ দলক ১৭ ৰান উপহাৰ দিয়ে। খেলখনৰ সেই ১৭ ৰানৰ ইংনিছটো মনদ্বীপে স্বর্গগামী পিতৃলৈ উচর্গা কৰে। পিতৃৰ বিয়োগৰ বেজাৰ মনত লৈ মনদ্বীপে ভিডিঅ’ ক’লৰ জৰিয়তে পিতৃৰ অন্তেষ্টিক্ৰিয়া প্ৰত্যক্ষ কৰে।