Local, Vocal, Global

NIA conducts raids in Jammu : জম্মু-কাশ্মীৰত NIA ৰ অভিযান, অভিযানত আটক ২ কেডাৰক

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : জম্মু-কাশ্মীৰত NIA ৰ অভিযান (NIA conducts raids in Jammu) । অভিযানত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় দুই এলইটি সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীৰ আশ্ৰয়ঘাটী থকাৰ সন্দেহত জম্মু-কাশ্মীৰৰ ৮ স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ এটি দলে অভিযান চলায় । লস্কৰ-ই-তৈবাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰৰ আশ্ৰয়স্থলীৰ সন্দেহত শুকুৰবাৰে ৰাজ্যখনৰ বাথিণ্ডি এলেকাকে ধৰি ৮স্থানত নিয়াই অভিযান কাৰ্য চলায় । লস্কৰ-ই-তৈবা নামৰ নিষিদ্ধ সংগঠনটোৰ বিভিন্ন অপৰাধযুক্ত কাৰ্যকলাপৰে জড়িত থকাৰ সন্দেহত ধৃত লোক দুজনক নিয়াই আটক কৰে।

সন্ত্ৰাসবাদৰ পুঁজি সম্পৰ্কীয় এক গোচৰত NIAৰ গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিছে ( National Investigation Agency) । জম্মু-কাশ্মীৰত সংস্থাটোৱে এই অভিযান চলোৱাৰ সময়তে আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সোপোৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে (Sopore Police nabs 2 overground workers) ।

জানিব পৰা মতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জম্মু আৰু কাশ্মীৰৰ বাথিন্দি অঞ্চলত অভিযান আৰম্ভ কৰিছে । অভিযান চলি থকাৰ মাজতে নিষিদ্ধ পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুই অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ সোপোৰত গ্ৰেপ্তাৰ কৰে ।

জানিব পৰামতে ২ ধৃতৰ পৰা নিয়াই কাৰ্টিজ আৰু গ্ৰেণেড উদ্ধাৰ কৰে। এই সন্দৰ্ভত সম্প্ৰতি নিয়াৰ তদন্ত অৱ্যাহত আছে। কিয়নো অধিক তথ্যৰ বাবে নিয়াই ধৃত লোক দুজনক সোধা-পোছা কাৰ্য চলাই আছে ।

তথ্য অনুসৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সহযোগীসকলৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল । আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিছিল । অৱশেষত শুকুৰবাৰে সন্দেহজনক লোককেইটাক গ্ৰেপ্তাৰ কৰে । তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ধৃত দুয়োটাকে জেৰা কৰি চলাই আছে আৰু তেওঁলোকৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিওৱাৰ প্ৰয়াস কৰি আছে । একে সময়তে, নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত কিমান লোক জম্মু-কাশ্মীৰত আছে সেই বিষয়েও তদন্ত কৰি থকা হৈছে ।

আনহাতে অনুসন্ধানকাৰী সংস্থা NIA বাথিন্দি অঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে । সন্ত্ৰাসবাদৰ পুঁজি সম্পৰ্কীয় গোচৰটোত এই অভিযান চলোৱা হৈছে । এই অভিযানৰ সময়ত কি নথিপত্ৰ আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Two meetings will be held in Delhi : আলফাৰ আলোচনাপন্থী গোটে আজি কেন্দ্ৰৰ সৈতে শান্তি আলোচনা পুনৰ আৰম্ভ কৰিব