Local, Vocal, Global

Golaghat Murder : পিতৃক হত্যাৰ সন্দেহত মাতৃৰ বিৰুদ্ধে আৰক্ষীক গোচৰ কন্যাৰ

নিউজ ডেস্ক, ১৮ আগষ্ট : পুনৰ গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Golaghat Murder)। পিতৃক হত্যা কৰাৰ সন্দেহত মাতৃৰ বিৰুদ্ধে খোদ কন্যাই আৰক্ষীক দিলে গোচৰ । এই ঘটনা গোলাঘাট জিলাৰ বৰপথাৰৰ বছাপথাৰত সংঘটিত হৈছে (Daughter filed a case against her mother on suspicion of killing her father) ।

প্ৰাক্তন পঞ্চায়ত কৰ্মী অতুল বৰাৰ ১৫ আগষ্টৰ নিশা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছিল । কিন্তু বৰাৰ এই মৃত্যুক তেওঁৰ কন্যা মনালিছা বৰাই সহজভাবে লোৱা নাই । প্ৰয়াত অতুল বৰাৰ কন্যাই মাহী মাকে পিতৃক পৰিকল্পিতভাবে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে।

১৭ আগষ্টত মাহীমাক জয়া বৰাই পিতৃ অতুল বৰাক ৰছীৰে গছত বান্ধি মাৰপিত কৰাৰ পিছত বিহ খুৱাই হত্যা কৰাৰ সন্দেহত মনালিছা বৰাই আৰক্ষী থানাত গোচৰ দিয়ে।

উল্লেখ্য যে, প্ৰয়াত অতুল বৰাই দুগৰাকী বিবাহ কৰিছিল । অভিযোগকাৰী মনালিছা বৰা মৃত অতুল বৰাৰ প্ৰথমা পত্নীৰ কন্যা। ইতিমধ্যে অভিযুক্ত জয়া বৰাক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Assam CM reaction : বিজেপি নেত্ৰীৰ আত্মহত্যা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ