Local, Vocal, Global

Deadbody recovered : কাছাৰত দলঙত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

শিলচৰ, ১৮আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় মৃতদেহ । প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহৰ উদ্ধাৰৰ ঘটনাই ।প্ৰায় প্ৰতিদিনেই ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে মৃতদেহ । এইবাৰ কাছাৰত উদ্ধাৰ মৃতদেহ । দলঙত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ ।

কাছাৰৰ উধাৰবন্ধ দয়াপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ ।কাছাৰৰ উধাৰবন্ধ দয়াপুৰত দলঙত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ । অবৈধ সম্পৰ্কৰ বাবে হত্য়াৰ অভিযোগ আত্মীয়াৰ ।

জানিব পৰা মতে, কাছাৰৰ উধাৰবন্ধ দয়াপুৰ কালাইন বিলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাৰ। কালাইন বিল অঞ্চলৰ এখন দলঙত ডিঙিত চিপলৈ থকা অৱস্থাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ । মৃত যুৱকজন ঊধেশ চৌহান আৰু ঘৰ কৰিমগঞ্জ জিলাৰ মুকামচেৰাত বুলি চিনাক্ত কৰা হৈছে (Deadbody recovered in Kachar) ।

উল্লেখ্য যে, যুৱকজন দীৰ্ঘদিনৰ পৰা উধাৰবন্ধ দয়াপুৰত মামাকৰ ঘৰত থাকে । শুকুৰবাৰে ৰাতিপুৱা হঠাৎ যুৱকজনৰ মৃতদেহ এখন দলংত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় সকলে । আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজেলৈ প্ৰেৰণ কৰে ।এতিয়াই এই ঘটনা লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Deadbody recovered in Kachar) ৷

মৃত যুৱকৰ আত্মীয়ৰ অভিযোগ কৰা অনুসৰি, যুৱকজনৰ স্থানীয় চন্দ্ৰদেও চৌহান নামৰ এগৰাকী ব্যক্তিৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । বহুবাৰ ইয়াক লৈ বিচাৰ সভাও অনুষ্ঠিত হৈছিল। বৃহস্পতিবাৰে নিশাও যুৱক জন চন্দ্ৰদেও চৌহানৰ ঘৰলৈ গৈছিল ৷

কিন্তু শুকুৰবাৰে ৰাতিপুৱা তেওঁৰ ডিঙিত চিপ লৈ দলঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷ এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে মৃত যুৱক জনৰ মোমাইকে । তেওঁৰ অভিযোগ চন্দ্ৰদেও চৌহানৰ পত্নীৰ লগত অবৈধ সম্পৰ্ক থকাৰ বাবেই চন্দ্ৰদেও চৌহানে যুৱকজনক হত্যা কৰিছে । অৱশ্যে ঘটনা সন্দৰ্ভত লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা