Local, Vocal, Global

newborn baby body recovered : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড

বিলাসীপাৰা, ২৭ মে’ : এক হৃদয়বিদাৰক ঘটনা । বিলাসীপাৰাত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল। বিলাসীপাৰাত উদ্ধাৰ হৈছে দুটা নৱজাতকৰ মৃতদেহ(newborn baby body recovered in Bilasipara)। বিলাসীপাৰাৰ অসামৰিক চিকিৎসালয়ৰ সমীপতে উদ্ধাৰ হৈছে মৃতদেহ দুটা।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
তথ্য অনুসৰি, স্থানীয় ৰাইজে দ্বীপ’ দলঙৰ তলত প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহ দুটা।তাৰ পাছতে খবৰ দিয়া হয় আৰক্ষীক। খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

জানিব পৰা মতে, নৱজাতকৰ মৃতদেহ দুটা কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষান পিতৃ মাতৃয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

লগতে পঢ়ক : Road accident in Darrang : নিযুক্তি-পত্র পোৱাৰ এদিন পিচতেই এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা